কাইলৈ ১০ আগষ্ট ২০২৫ দেওবাৰে চন্দ্ৰই দিনজুৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ কৃষ্ণা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শোভন যোগ আৰু অতিগণ্ড যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ১০ আগষ্টৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ হব৷ কাইলৈ আপোনাৰ মন সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে কাইলৈ আপুনি সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ কাইল আপুনি বেছ আনন্দ কৰি কটাব৷ পৰিয়ালৰ সৈতে শ্বপিং কৰিবলৈ যাব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
শোভন যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকে কাইলৈ পুৱাই কোনো ভাল খবৰ পাব পাৰে৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ পেছাগত জীৱনত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷
তুলা ৰাশি
কাইলৈ ধনিষ্ঠা নক্ষত্ৰৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলোৰে সৈয়ে আনন্দ কৰি দিনটো কটাব৷ ৰেস্তোৰাত বন্ধুৰ সৈতে খোৱা বোৱা কৰাৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে বেছ শুভ হব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে তুলা ৰাশিৰ জাতকৰ৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব পাৰে৷ অতিগণ্ড যোগ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব৷ অৰ্থ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত লব পাৰে৷ শুভ যোগৰ শুভ প্ৰভাৱত নিজৰ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ ব্যৱসায়তো কাইলৈ বৃহৎ সাফল্য পাব৷
মকৰ ৰাশি
কাইলৈ লাভজনক দিন হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যতো কাইলৈ উল্লেখযোগ্য উন্নতি কৰিব পাৰে৷ দেওবাৰে উইকেণ্ড ভালকৈ কটাব৷ যি সাফল্যৰ বাবে আপুনি বহু দিন ধৰি অপেক্ষা কৰি আছে সেই সাফল্য লাভ কৰিব৷ সংগীৰ সৈতে বুজাপৰা থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















