৬ অক্টোবৰ ২০২৪ দেওবাৰে চন্দ্ৰই বিয়লি ৫বাজি ৩৪ মিনিটত তুলা ৰাশি ত্যাগ কৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ শুক্লা তৃতীয়া তিথি৷ কাইলৈ ৭বাজি ৪৯ মিনিটৰ পাছত চতুৰ্থী পৰিব৷ শাৰদীয় নৱৰাত্ৰিত কাইলৈ আৰাধনা কৰা হ’ব দেৱী কুশ্মাণ্ডাৰ৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ প্ৰীতি যোগ আৰু ৰবি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ আছে প্ৰথমে বিশাখা আৰু তাৰপাছত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্ম দেওবাৰ সৈতে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
৬ অক্টোবৰ প্ৰীতি যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ সূৰ্যদেৱৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব বিচাৰিলে কাইলৈ দিনটো আপোনাৰ বাবে বেছ ভাল৷ দাম্পত্য জীৱনত কাইলৈ সুখৰ পৰিবেশ থাকিব৷ প্ৰয়োজনত জীৱন সংগীক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ কাইলৈ বিবাহৰ কথা চলিব পাৰে৷
কৰ্কট ৰাশি
ৰবি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ সকলো ধৰণৰ সুখ আপুনি লাভ কৰিব পাৰিব৷ ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব আপোনাৰ৷ কাইলৈ পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন আহিব পাৰে৷ পেছাগত জীৱনত পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
কন্যা ৰাশি
আনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ শক্তিশালী হ’ব পাৰে৷ পৰিয়ালৰ সৈতে কাইলৈ বেছ ভাল সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত শান্তি থাকিব৷ যিসকলে নতুন চাকৰি পাইছে, তেওঁলোকে কাইলৈ ভাল খবৰ পাব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক থাকিব৷
মকৰ ৰাশি
কাইলৈ ৰবি যোগত সূৰ্যদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰত কিছু আক্ৰমণাত্মক প্ৰকৃতিয়ে দেখা দিব পাৰে৷ ইয়াৰ ফলত কাইলৈ কৰ্মক্ষেত্ৰত লাভৱান হ’ব মকৰ ৰাশিৰ জাতক৷ কাইলৈ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল আপুনি পাব৷ আৰ্থিকভাৱে লাভ বাঢ়িব৷
কুম্ভ ৰাশি
কাইলৈ অনুৰাধা নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ নেটৱৰ্ক কাইলৈ বহু পৰিমানে শক্তিশালী কৰিব পাৰিব৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপুনি ভাল ব্যৱহাৰ কৰিব৷ মানসিক চাপমুক্ত হৈ কাইলৈ দিনটো কটাব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কোনো লক্ষ্য পূৰ্ণ কৰিব পাৰিব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ