মহাকাশলৈ মাত্ৰ ৮-৯ দিন থকাৰ বাবে যাত্ৰা কৰিছিল ভাৰতীয় বংশোদ্ভূতৰ নভোশ্চৰ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহকাৰী বেৰি উইলমোয়ে৷ মাত্ৰ ৮-৯ দিনৰ বাবে গৈছিল অথচ আজিও মহাকাশতেই বন্দী হৈ আছে সুনীতা আৰু উইলমো৷ বৰ্তমান পৰ্যন্ত পৃথিৱীলৈ উভতি অহাৰ দিন ঠিক হোৱা নাই দুয়োৰে৷ বহুতেই দুয়োকে লৈ উৎকণ্ঠিত হৈ থকাৰ .সময়তে মুখ খুলিছে সুনীতাৰ স্বামীয়ে৷ মহাকাশত বন্দী হৈ সুনীতা আৰু তেওঁৰ সহকাৰীয়ে অৱসাদগ্ৰস্থ হৈ পৰাৰ সম্ভাৱনাইয়ো দেখা দিছে৷ মানসিকভাৱে ভাঙি পৰিব পাৰে সুনীতা৷ তাৰমাজতেই তেওঁৰ স্বামীয়ে জনাইছে যে, শৰীৰো ভাঙি পৰিছে সুনীতাৰ৷ মানসিক স্বাস্থ্যক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে সুনীতাৰ স্বামী মাইকেল৷
তেওঁ কয়, ‘সুনীতাই মহাকাশত ভালপায়৷ সেয়ে মোৰ আশা তাই মহাকাশত থাকি ভাঙি নপৰে৷ মহাকাশ তাইৰ বাবে সুখৰ ঠাই৷ মই মোৰ সহধৰ্মিনীক যিমানদূৰ জানো তাই সহজে ভাঙি পৰা নাৰী নহয়৷’ মহাকাশত সুনীতাৰ কাৰ্যক্ৰমৰ তালিকাও প্ৰকাশ পাইছে ৱাল ষ্ট্ৰিট জাৰ্নেলত৷
আন্তৰ্জাতিক স্পেছ ষ্টেচনত থকা আৰু ৭জন মহাকাশচাৰীৰ সৈতে গৱেষণাৰ বিভিন্ন কাম কৰি আছে সুনীতাই৷ মহাকাশৰ পৰাই পঢ়ুৱৈসকলক লাইভ ভিডিঅ’ৰে মহাকাশ সম্পৰ্কীয় জ্ঞানো দিবলৈ যত্ন কৰিছে৷ হাড় আৰু পেশীৰ ক্ষয় ৰোধৰ বাবে প্ৰতিদিনে কেইবাঘণ্টাকৈ ব্যায়ামো কৰিছে দুয়ো৷ তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন নিজেই লৈছে যদিও আন্তৰ্জাতিক মহাকাশ ষ্টেচনত থকা চিকিৎসকেও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে৷ ৰিপৰ্টমতে প্ৰতিদিনে কমেও ৮ঘণ্টা বিশ্ৰাম কৰিছে সুনীতা আৰু উইলমোৱে৷ ইচ্ছানুসৰি পৰিয়ালৰ সৈতে কথা পৰা বা মেইল কৰাৰ সুবিধাও লাভ কৰিছে৷ ক্ৰুবিহীন নৰ্থৰপ গ্ৰুমান কাৰ্গো মহাকাশযানৰ মাধ্যমেৰে তেওঁলোকলৈ খাদ্য প্ৰেৰণ কৰি থকা হৈছে৷ নাছাৰ তৰফৰ পৰা জনোৱা অনুসৰি পৰ্যাপ্ত খাদ্য সংৰক্ষিত হৈ আছে আন্তৰ্জাতিক স্পেছ ষ্টেচনত৷ আৰু কমেও ৪মাহৰ খাদ্য আৰু প্ৰয়োজনীয় সকলো সামগ্ৰী সংৰক্ষিত হৈ আছে চেণ্টাৰত৷ ৰিহাইড্ৰেটেড পেকেটত খাদ্যসমূহ পঠিওৱা হয় মহাকাশচাৰীৰ বাবে৷ কাৰ্গ মহাকাশযানে তাজা খাদ্য কঢ়িয়াই নিয়ে৷ কফি, আঙুৰ, ব্লুবেৰীসহ কামত প্ৰয়োজনীয় নানান যন্ত্ৰপাতি সহ ৮২্০০ পাউণ্ডৰ সামগ্ৰী কঢ়িয়াই নিয়ে কাৰ্গো যানে৷
সম্প্ৰতি নাছাৰ তৰফৰ পৰা জনোৱা হৈছে যে সুনীতাহঁত উভতি অহালৈ ২০২৫ চনৰ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত সময় লাগিব পাৰে৷ সকলো ঠিকে থাকিলে আগন্তুক বছৰতেই স্পেছ এক্সৰ ক্ৰু ড্ৰেগনে পৃথিৱীলৈ তেওঁলোকক উভতাই আনিব৷ নাছাই জনাইছে যে বোয়িং ষ্টাৰলাইন মহাকাশযান যদি উৰণৰ বাবে নিৰাপদ বিবেচিত নহয় তেন্তে মহাকাশতেই থাকিব লাগিব সুনীতা আৰু উইলমো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ