ৰাজ্যপালৰ তৰফৰ পৰা যিসমূহ বিল ৰাষ্ট্ৰপতিৰ ওচৰলৈ বিবেচনাৰ বাবে পঠোৱা হৈছে সেইসমূহ বিবেচনা কৰি তিনি মাহৰ ভিতৰত সিদ্ধান্ত দিব লাগিব ৰাষ্ট্ৰপতিয়ে৷ বিগত মঙলবাৰে তামিলনাডুৰ ৰাজ্যপালৰ বিচাৰাধীন বিলসমূহত সন্মতি স্থগিত ৰখাৰ সিদ্ধান্ত বাতিল কৰি শীৰ্ষ আদালতে বেনজিৰ ৰায় দিছে৷ শুক্ৰবাৰে সেই ৰায়ৰ আদেশ জনসমাজত প্ৰকাশো কৰা হৈছে৷
তামিলনাডু গোচৰৰ ৰায় প্ৰদানৰ সময়ত ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ জেবি পাৰদিৱালা আৰু মহাদেৱৰ বেঞ্চে জনাইছে যে সংবিধানৰ ২০১ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন বিচাৰবিভাগৰ পৰ্যালোচনাৰ আওঁতাধীন৷ ২০১ অনুচ্ছেদ অনুসৰি যেতিয়া কোনো ৰাজ্যপালে যদি কোনো বিলত ছহী নকৰি পেলায় থয় তেতিয়া ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব যে তেওঁ বিলখনত সন্মতি দিব নে সন্মতি প্ৰত্যাহাৰ কৰিব৷ সংবিধানত কোনো সময়সীমাৰ উল্লেখ নাই৷ ছুপ্ৰিম কৰ্টে কৈছে ৰাষ্ট্ৰপতিৰ কোনো বিল ৰখাই থোৱাৰ ক্ষমতা নাই৷ হয় তেওঁ সন্মতি দিব লাগে অন্যথা নাই যিকোনো এটা সিদ্ধান্তত তেওঁ আহিব পাৰে৷
শীৰ্ষ আদালতে আকৌ কৈছে, আইনৰ অধীনত কোনো ক্ষমতাৰ প্ৰয়োগৰ বাবে কোনো সময়সীমা নিৰ্ধাৰিত কৰা নাই৷ কিন্তু তাৰপিছতো ইয়াক যুক্তিসংগত সময়ৰ ভিতৰত প্ৰয়োগ কৰা উচিত৷ ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰয়োগক আইনৰ এই সাধাৰণ নীতিৰ পৰা মুক্ত বুলি কব নোৱাৰি৷
দুজনীয়া ন্যায়াধীশ বেঞ্চে জনাইছে যে তিনি মাহৰো বেছি দেৰী হ’লে উপযুক্ত কাৰণসমূহ দেখুৱাব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যসমূহকো জনাব লাগিব৷ আদালতে আৰু কৈছে যে যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোনো পদক্ষেপ নলয় তেন্তে ৰাজ্যসমূহে আদালতৰ দ্বাৰস্থও হব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ