বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ব্যাতিপত যোগ ২৭ টা নিত্য যোগৰ মাজত এটা৷ বিশেষকৈ এই যোগ সূৰ্য আৰু চন্দ্ৰৰ এক নিৰ্দিষ্ট অৱস্থানৰ কাৰণে তৈয়াৰ হয়৷ যিয়ে জীৱনলৈ প্ৰতিকূল প্ৰভাৱ কঢ়িয়াই আনে৷ নানান চেলেঞ্জ আৰু বাধাও আনে৷ অশুভ যোগ হিচাপেই পৰিচিত এই যোগ৷ প্ৰচলিত বিশ্বাস যে বিশেষকৈ দেওবাৰে যদি ব্যাতিপত যোগ তৈয়াৰ হয় তেতিয়া ইয়াৰ অশুভ প্ৰভাৱ আৰু বাঢ়ি যায়৷
জ্যোতিষ গণনাই কৈছে আগন্তুক ৫ মাৰ্চ ২০২৬ বৃহস্পতিবাৰে দুপৰীয়া ৩ বজাত ব্যাতিপত যোগ তৈয়াৰ কৰিছে চন্দ্ৰ আৰু সূৰ্যই৷ মাৰ্চ মাহৰ ব্যাতিপত যোগ পৰিছে বৃহস্পতিবাৰে৷ আৰু বৃহস্পতিবাৰ মূলত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ দিন৷ যি সম্পদ আৰু সমৃদ্ধিৰ সৈতে যুক্ত৷ সেয়ে এই দিনটোত ব্যতিপত যোগৰ কাৰণে কামত বাধা, আৰ্থিক সমস্যা বা সম্পৰ্কত টনাআঁজোৰাই দেখা দিব পাৰে৷ যাৰ বিশেষ প্রভাৱ পৰিছে ৪ৰাশিৰ জীৱনত৷ কি কি ক্ষতি হ’ব পাৰে? কোনে কোনে সতৰ্ক হৈ থাকিব?
বৃষ ৰাশি
সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপত যোগে বৃষ ৰাশিৰ জাতকৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এই সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন৷ প্ৰতিটো পদক্ষেপ ভালকৈ বিবেচনা কৰি লওক৷ অন্যথা সাফল্য হাতৰ পৰা গুচি যাব৷ প্ৰবীণ বা বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ চলক৷ এই সময়ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ এৰাই চলক৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে সূৰ্য-চন্দ্ৰৰ সংযোগে প্ৰতিকূল ফলাফল কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰ থাকিলে তেওঁৰ কাৰণে ব্যয় বাঢ়িব পাৰে৷ আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে৷ মাটি-বাৰী সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ কাৰণ ক্ষতিৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ ওপৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে ব্যতিপত যোগে নেতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ কোনো বিষয়ত অসন্তুষ্টি উত্তেজনা বাঢ়িব পাৰে৷ দ্বন্দ্ব বাঢ়িব পাৰে৷ বেহিচাবি ব্যয় হব পাৰে৷ ব্যয় বৃদ্ধিয়ে অৰ্থনৈতিকভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে ২০২৬ চনৰ মাৰ্চ মাহৰ এই সময় বেছ চেলেঞ্জিং হব পাৰে৷ কৰ্মক্ষেত্ৰত কাম শেষ কৰিবলৈ বাধাৰ মুখত পৰিব পাৰে৷ এই ৰাশিৰ জাতকে মানসিকভাৱে বিভ্ৰান্ত বোধ কৰিব পাৰে৷ আৰ্থিক টনাআঁজোৰা উদ্বেগৰ কাৰণ হব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত মতবিৰোধ বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















