২০২৬ চনৰ জানুৱাৰী মাহ ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰত এক অত্যন্ত বিশেষ আৰু ঐতিহাসিক মাহ হ’ব৷ এই সময়কালত এক বিৰল গ্ৰহৰ বিন্যাস ঘটিব পাৰে৷ যিয়ে জ্যোতিষশাস্ত্ৰত চতুৰ্গ্ৰহী যোগ নামেৰে পৰিচিত৷ যেতিয়া চাৰিটা প্ৰধান গ্ৰহ একেই ৰাশিত একে লগে প্ৰৱেশ কৰে, ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিগত জীৱনৰ ওপৰতেই নহয়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কৰ্মকাণ্ডৰ ওপৰতো পৰে৷
এই সংযোগৰ প্রভাৱ
বৈদিক শাস্ত্ৰত চতুৰ্গ্ৰহী যোগক অত্যন্ত নিৰ্ণায়ক আৰু প্ৰভাৱশালী বুলি ধাৰণা কৰা হয়৷ এইবাৰ সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰ মকৰ ৰাশিত একেলগে গোচৰ কৰিব যাৰ ফলত চতুৰ্গ্ৰী ৰাজযোগ তৈয়াৰ হব৷ মকৰ ৰাশি, কৰ্ম, শৃংখলা, নেতৃত্ব, প্ৰশাসন আৰু বস্তুগত অগ্ৰগতিৰ প্ৰতীক হিচাপে বিবেচিত হয়৷ সেয়ে এই যোগৰ প্ৰভাৱ আৰু বিশেষ হৈ উঠিছে৷
গ্ৰহসমূহে কেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰিব?
জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি ২০২৬ চনৰ জানুৱাৰীত গ্ৰহসমূহৰ গোচৰ এইধৰণে হ’ব-
১৩ জানুৱাৰী ২০২৬৷ শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷
১৪ জানুৱাৰী ২০২৬৷ সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷
১৬ জানুৱাৰী ২০২৬৷ মঙ্গলে মকৰ ৰাশিত প্ৰৱেশ কৰিব৷
১৭ জানুৱৰী ২০২৬৷ বুধে মকৰ ৰাশিত গোচৰ কৰিব৷
মকৰ ৰাশিত সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰৰ মিলিত সংযোগৰ কাৰণে ১৭ জানুৱাৰী ২০২৬ৰ পৰা চতুৰ্গ্ৰহী ৰাজযোগ সক্ৰিয় হ’ব৷ জ্যোতিষীৰ মতেস এই যোগে ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পেলাব৷ আৰু এই সময়ত কৰ্কট, তুলা আৰু মকৰ ৰাশিৰ বাবে বিশেষভাৱে শুভ হব৷
এই তিনিটা ৰাশিৰ ভাগ্য পৰিবৰ্তন হ’ব
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই যোগে তেওঁলোকৰ কৰ্মজীৱন আৰু আৰ্থিক সম্ভাৱনাক শক্তিশালী কৰিব৷ অনুকূল গ্ৰহৰ গতিবিধিয়ে কৰ্মভাৱত শক্তিশালী কৰিব৷ চাকৰিত পদোন্নতি, নতুন দায়িত্ব, স্থগিত প্ৰকল্পসমূহৰ ত্বৰান্বিতকৰণ আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাসমূহ সফল হব পাৰে৷ আয়ৰ নতুন উৎসৰ উদ্ভৱৰো প্ৰৱল সম্ভাৱনা আছে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু একাগ্ৰতা বৃদ্ধি কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য আৰু শিক্ষা আৰু কৰ্মজীৱনত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কৰ্মক্ষেত্ৰত কামৰ নীতিৰ প্ৰশংসা পাব৷ কোনো কোনোৱে দৰমহা বৃদ্ধি বা নতুন দায়িত্ব পাব পাৰে৷ ৰাজনীতি আৰু সমাজসেৱাৰ সৈতে জড়িত ব্যক্তিয়েও বৰ্ধিত প্ৰভাৱ অনুভৱ কৰিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে যিহেতু ই এটা চতুৰ্গ্ৰহী ৰাজযোগৰ কেন্দ্ৰ, এই সময় আৰ্থিকভাৱে খুবেই শক্তিশালী প্ৰমাণিত হ’ব পাৰে৷ আয় আৰু সঞ্চয় বৃদ্ধি, পাৰিবাৰিক সুখ আৰু শান্তি, ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ আৰু মানসিক তৃপ্তিৰ সম্ভাৱনা থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















