বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ নক্ষত্ৰ গোচৰৰ প্ৰভাৱ বহু ৰাশিৰ জাতক জাতিকাৰ জীৱনত পৰে৷ সূৰ্যই নিজৰ ৰাশি এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰিবৰ্তন কৰি থাকে৷ যাৰ প্ৰভাৱ ১২ ৰাশিত পৰে৷ আসন্ন সময়ত অৰ্থাৎ মাৰ্চতেই সূৰ্যই ৰাশি পৰিবৰ্তন কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ জানি থওক লাকীৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
এই ৰাশিৰ জাতক জাতিকাই অপ্ৰত্যাশিতভাৱে ধনলাভ কৰিব পাৰে৷ কোনো কামৰ বাবে যদি ঋণ লোৱাৰ পৰিকল্পনা থাকে তেন্তে এয়া সম্পন্ন হ’ব৷ জীৱনত নানান দিশৰ পৰা সুখ আৰু আনন্দৰ আগমন হ’ব৷ কেৰিয়াৰৰ দিশত আপোনাৰ কামৰ প্ৰশংসা পাব৷ আপোনাৰ কামত অফিচৰ উচ্চ অধিকাৰীসকল সুখী হ’ব৷ আপোনাৰ দ্বাৰা ব্যৱসায়ত তৈয়াৰ হোৱা ৰণনীতি কাৰ্যকৰী হ’ব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ দাম্পত্যত প্ৰেম পূৰ্বতকৈ উন্নত হ’ব৷
তুলা ৰাশি
সমাজত মান সন্মান বাঢ়িব৷ ভাগ্যৰ সম্পূৰ্ণ সহযোগিতা পাব৷ আপুনি আপোনাৰ কথাৰেই অন্যক অনুপ্ৰেৰণা যোগাব পাৰিব৷ ব্যৱসায়িক ক্ষেত্ৰত মুনাফা লাভ কৰিব৷ জীৱনত দীৰ্ঘ সময় ধৰি কোনো কাম ৰৈ থাকিলে এই সময়ত সম্পন্ন হ’ব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ জীৱনলৈ সুখ শান্তি আহিব৷ আপোনাৰ বহু ইচ্ছা পূৰণ হ’ব পাৰে৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷
বৃশ্চিক ৰাশি
এই সময়ত আপুনি বিপুল লাভ পাব পাৰে৷ শিক্ষা ক্ষেত্ৰত আপুনি সকলো দিশত আগুৱাই থাকিব৷ আপোনাৰ বিচাৰ বুদ্ধিৰ ক্ষমতা পূৰ্বতকৈ বাঢ়িব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ক্ষমতা বৃদ্ধি পাব৷ আকস্মিক ধনলাভ হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ প্ৰেম জীৱন পূৰ্বতকৈ ভাল হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















