মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং
১৬ বছৰৰ অপেক্ষাৰ অন্ত পেলাবলৈ সাজু হৈছে টিম ইণ্ডিয়া। মাথো কেইটামান মুহুৰ্তৰ পাছতে খেলপথাৰত নামিব ভাৰত। বিপক্ষত আয়াৰলেণ্ড। যাৰ বাবে আজিৰ খেল খনত জয় হোৱাৰ সম্ভাৱনা অধিক। আজিৰ খেল খন অনুষ্ঠিত হব নিউয়ৰ্কত। টিম ইণ্ডিয়াই প্ৰথম তিনিখন খেল নিউয়ৰ্কত আৰু অন্তিমখন গ্ৰুপ খেল ফ্ল’ৰিডাত খেলিব।
অধিনায়ক হিচাপে দ্বিতীয় টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই। তেওঁ পূৰ্বৰ টি-২০ বিশ্বকাপ সংস্কৰণতো ভাৰতক নেতৃত্ব দিছিল আৰু লগতে দলটোক ছেমি ফাইনেললৈ লৈ গৈছিল। ৰাহুলৰ অধীনতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে।
এইবাৰৰ টি ২০ বিশ্বকাপত ভাৰতক জয়ৰ প্ৰৱল দাবীদাৰ হিচাপে ধৰা হৈছে। দলৰ প্ৰত্যক খেলুৱৈলে ফৰ্মত থকাও পৰলক্ষিত হৈছে। আজিৰ খেলখনত স্থান পোৱা ১১ গৰাকী খেলুৱৈ হৈছে-
ৰোহিত শৰ্মা (কেপ্টেইন)
ভাৰতৰ হৈ অপেনিং কৰিব ৰোহিতে। ভাৰতৰ হৈ আইচিচি প্ৰতিযোগিতাত ভাল ফৰ্মত আছিল ৰোহিত। ২০২৪ চনৰ আই পি এলত তেওঁ ৪১৭ ৰান সংগ্ৰহ কৰে।
যশস্বী জয়ছৱাল
ৰোহিতৰ লগতে জয়ছোৱালে ভাৰতৰ হৈ অপেনিং কৰিব।
বিৰাট কোহলী
কোহলীয়ে তিনি নম্বৰত বেটিং কৰিব আহিব। কোহলীয়ে বৰ্তমানে সম্পূৰ্ণ ফৰ্মত থকা খেলুৱৈ। ২০২৪ চনৰ আই পি এলত তেওঁ ৭০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছিল।
সূৰ্য্যকুমাৰ যাদৱ
বৰ্তমান বিশ্বৰ এক নম্বৰ ৰেংকিং T20I বেটছমেন। অৱশ্যে আই চি চি টি-২০ বিশ্বকাপত ভাৰতৰ হৈ এতিয়াও প্ৰদৰ্শন কৰিব পৰা নাই। এয়া সূৰ্যকুমাৰৰ তৃতীয় টি-২০ বিশ্বকাপ।
হাৰ্দিক পাণ্ডিয়া
অলৰাউণ্ডাৰ হিচাপে ভাৰতৰ হৈ ভল প্ৰদৰ্শন কৰি আহিছে যদিও মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে আই পি এলত প্ৰদৰ্শন ভাল নাছিল।
ঋষভ পন্ত (উইকেটকিপাৰ)
৬ নম্বৰ খেলুৱৈ হিচাপে আহিবললগীয়া ঋষভে বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত ৩২টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। আই পি এলতো তেওঁক ভাল ফৰ্মত দেখা গৈছিল।
ৰবীন্দ্ৰ জাডেজা
প্ৰতিষ্ঠিত টি-২০ বলাৰ। অলৰাউণ্ডাৰ হিচাপ দলত স্থান পালেও এতিয়ালৈ বেটিঙৰ জৰিয়তে ভাল ফল লাভ কৰা নাই।
যশপ্ৰীত বুমৰাহ
ভাৰতীয় বলিং আক্ৰমণত বুমৰাহে নেতৃত্ব দিব । আই পি এলত ২০টা উইকেটৰে অন্ত পেলায়।
কুলদীপ যাদৱ
লাইনআপৰ বিশেষ স্পিনাৰ ভিতৰত কুলদীপ অন্যতম। আই পি এ ছিজনত তেওঁ ১৬টা উইকেট দখল কৰাৰ লগতে দিল্লী কেপিটেলছৰ হৈ বলাৰৰ ভিতৰত শ্ৰেষ্ঠ হৈছিল।
যুজবেন্দ্ৰ চহল
ভাৰতীয় দলৰ নিয়মিত খেলুৱৈ নহয় যদিও আই পি এলতভাল প্ৰদৰ্শনৰা বাবে এইবাৰ স্থান লাভ কৰিছে। দলে বহু আশা কৰিছে চহলৰ পৰা।
মহম্মদ ছিৰাজ অথবা আৰ্ছদীপ সিং
ছিৰাজ বা আৰ্ছদীপৰ ভিতৰত এজন দ্বিতীয় স্পিনাৰ হিচাপে থাকিব পাৰে। দুয়ো সুন্দৰ ফৰ্মত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ