‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ
দেশজুৰি বিপুল জনপ্ৰিয় হোৱা হাস্যমধুৰ ধাৰাবাহিক তাৰক মেহতা কা উল্টা ছশমাৰ এগৰাকী অভিনেতা বিগত কেইবাদিনো ধৰি সন্ধানহীন। কতো কোনো খা খবৰ নাই অভিনেতাগৰাকীৰ।
ধাৰাবাহিকখনত ৰোশন সিং সোধিৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰা অভিনেতা গুৰুচৰণ সিং বিগত ৫ দিন ধৰি সন্ধানহীন হৈ আছে। গুৰুচৰণ সিঙৰ পিতৃয়ে ইতিমধ্যে আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ ভিত্তিত এতিয়া দিল্লী আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰিছে। লগতে অভিনেতাগৰাকীৰো সন্ধানত নামি পৰিছে। পাছে বৰ্তমানলৈ কোনো ধৰণৰ খবৰ লাভ কৰা নাই আৰক্ষীয়ো।
অভিনেতাগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰত কয় যে তেওঁৰ পুত্ৰই সোমবাৰে দিল্লীৰ পৰা মুম্বাইলৈ বুলি ৰাওনা হৈছিল। কিন্তু আজি পৰ্যন্ত মুম্বাইত উপস্থিত হোৱা নাই অভিনেতাগৰাকী।
তাৰ পিছৰে পৰা গুৰুচৰণৰ ফোনো লগা নাই। ফোন যোগেও কোনো যোগাযোগ হোৱা নাই পৰিয়ালৰ লগত। পূৰ্বে কোনোদিনে এনে কৰা নাই, কেতিয়াবা কোনো কাৰণত কিছু পলম হলেও ফোন কৰি জনোৱা লোকগৰাকীৰ ৫ দিন ধৰি নাই কোনো খা-খবৰ।
আৰক্ষীয়ে কৰা তদন্তত এক চিচি টিভি কেমেৰাত ৰাস্তা পাৰ কৰা দেখা পাইছে। লগতে বিমান বন্দৰৰো চিচি কেমেৰাত বেগৰ সৈতে দেখা গৈছে অভিনেতাগৰাকীক।
পাছে ৰাস্তাৰ দেখা সময় আছিল নিশা ৯.১৪, তাৰ বিপৰীতে মুম্বাইলৈ বুলি ফ্লাইট আছিল ৮.৩০ বজাত। যাৰ বাবে আৰক্ষীৰ কিছু সন্দেহ উপজিছে অপহৰণৰ। সেয়ে বৰ্তমানে তদন্ত তীব্ৰভাৱে অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















