অসম লাইভ২৪ঃ চীনৰ আগ্ৰাসনে অৱস্থা কাহিল কৰিছে টাইৱানৰ। চীনৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ টাইৱানৰ শেষ ভৰষা এতিয়া ভাৰত। টাইৱানত সেয়ে এইবাৰ শুনা গৈছে জয় শ্ৰী ৰাম ধ্বনি। টাইৱানে নিৰ্মাণ কৰিছে বিশাল ৰাম মন্দিৰ। শত্ৰুৰ শত্ৰুৱেই আমাৰ মিত্ৰ। সুভাষ চন্দ্ৰ বসুয়ে তাহানিতে কৈ যোৱা এই নীতিকেই অনুসৰণ কৰি আগুৱাইছে টাইৱান। ভাৰতৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰিবলৈকে এই ৰাম মন্দিৰ নিৰ্মাণ কৰিছে টাইৱানে বুলি প্ৰায়সংখ্যক বিশেষজ্ঞই সন্দেহ কৰিছে।
টাইৱানে শেহতীয়াকৈ নিৰ্মাণ কৰি ওলিয়াইছে বিশাল ৰামমন্দিৰ। এই মন্দিৰৰ নাম দিছে, ‘চবকা মন্দিৰ’। এই মন্দিৰ নিৰ্মাণৰ আঁৰত থকা ব্যক্তিজন হৈছে এণ্ড্ৰি সিং আৰ্য। এই ব্যক্তিগৰাকীয়ে প্ৰায় দুই দশক ধৰি টাইৱানত বাস কৰি আহিছে। তেওঁ ভাৰতীয় বংশোদ্ভোতৰ। টাইৱানৰ বিখ্যাত ভাৰতীয় ৰেস্তোৰাৰ মালিক এণ্ড্ৰি। চবকা মন্দিৰ নিৰ্মাণ কৰি উলিওৱাৰ পাছতেই টাইৱানত বাস কৰা বহু প্ৰৱাসী ভাৰতীয়ই টাইৱানৰ এই মন্দিৰলৈ যাত্ৰা কৰিছে। টাইৱানৰ এগৰাকী প্ৰৱাসী ভাৰতীয় ছানা হাছমীয়ে এই সন্দৰ্ভত কয়, ‘এই মন্দিৰ প্ৰতিষ্ঠা কৰাৰ প্ৰধান লক্ষ্যই হৈছে আমি ভাৰতীয় সেই শিঁপা ধৰি ৰখা। ভাৰতত নাথাকিলেও শিঁপা ভাৰততেই। আমি টাইৱানত দীৰ্ঘদিন ধৰি বাস কৰি আছো যদিও ভাৰতীয় সংস্কৃতিক পাহৰি যোৱা নাই। এই মন্দিৰ সেই কথাৰেই প্ৰমাণ। ভাৰত আৰু টাইৱানৰ সম্পৰ্কৰ উন্নীতকৰণত এই মন্দিৰেই সহায় কৰিব বুলি আমি আশাবাদী।’
টাইৱানৰ ভাৰতীয় এটা সংস্থাৰ প্ৰতিষ্ঠাতা ডঃ প্ৰীয়া লালৱানী পুৰছোৱানিয়ে কয়, ‘এয়া কেৱল টাইৱানত থকা প্ৰৱাসী ভাৰতীয়ৰ বাবে নিৰ্মাণ কৰা মন্দিৰেই নহয়। টাইৱানৰ নাগৰিকৰ বাবে সাংস্কৃতিক আদান প্ৰদানৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিব। টাইৱানৰ বাবে এয়া অত্যন্ত ঐতিহাসিক মুহূৰ্ত। আমি আশা কৰিছো যে এই পবিত্ৰ ৰাম মন্দিৰে টাইৱানৰ সাংস্কৃতিক আদান প্ৰদানৰ এটা সুন্দৰ নিদৰ্শন হৈ উঠিব।’
উল্লেখ্য যে বিগত বৰ্ষত টাইৱান আৰু ভাৰতৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি প্ৰবাসী ভাৰতীয়সকলৰ সুযোগ-সুবিধাৰ বিষয়সমূহক বিশেষ গুৰুত্ব দিয়া হ’ব। এই সময়ত চীনেও টাইৱান দখলৰ চেষ্টা চলাই আছে। চীনৰ পৰা নিজক ৰক্ষা কৰিবলৈ ভাৰতৰ সহায় পৰোক্ষভাৱে বিচাৰিবলৈ আৰম্ভ কৰিছে টাইৱানে। ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰিবলৈ চেষ্টা চলাইছে টাইৱান প্ৰশাসনে। কুটনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো ভাৰতৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহী টাইৱান চৰকাৰ। ৰাম মন্দিৰ প্ৰতিষ্ঠাও টাইৱানে সুস্থ মগজুৰে কৰা এটা পৰিকল্পনা। চীনে বৰ্তমানলৈকে টাইৱানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নাই যদিও পৰোক্ষভাৱে বিগত কেইবাবছৰ ধৰি টাইৱানক আক্ৰমণ কৰি অহা বুলিও বহ সময়ত বিভিন্ন সংবাদমাধ্যমে প্ৰচাৰ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ