অসম লাইভ ২৪ঃ প্ৰেমৰ প্ৰতীক তাজমহল চৌহদত উৰিল গেৰুৱা পতাকা, দিলে জয়শ্ৰীৰাম ধ্বনি। ঘটনা অনুসৰি সোমবাৰে হিন্দু যুৱ বাহিনীৰ জিলা অধ্যক্ষ গৌৰৱ ঠাকুৰে তেওঁৰ বন্ধুৰ সৈতে মিলি তাজমহলত গেৰুৱা পতাকা উৰুৱায়। তাজমহল চৌহদত তেওঁলোকে পকেটত ভৰাই লৈ গৈছিল গেৰুৱা পতাকা আৰু তাত সেই পতাকা উৰুওৱাৰ লগতে হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম ধ্বনি দিয়ে। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশ্যে ঘটনাৰ পিছতে চিআইএছএফে তেওঁলোকক ধৰি আৰক্ষীক গটাই দিয়ে। চিআইএছএফৰ অভিযোগৰ ভিত্তিত গৌৰৱ ঠাকুৰ, চোনু বঘেল, বিশেষ কুমাৰ, ঋষি লৱানিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। উল্লেখ্য যে ইয়াৰ পূর্বেও তাজমহলত আৰতি কৰাৰ লগতে গংগাজল ছটিওৱাৰ ঘটনা সংঘটিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ