ডিজিটেল ডেস্কঃ তামিল ছবিজগতৰ বাবে এটা দুঃখবৰ। লোকপ্ৰিয় কমেডিয়ান তথা অভিনেতা বন্ডা মণি (Bonda Mani)ৰ দেহাৱসানৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে। হাস্যমধুৰ অভিনেয়েৰে তামিল ছবিজগতত সুকীয়া আসন দখল কৰা অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬০বছৰ।
পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ আগত সদৰি কৰা অনুসৰি, চেন্নাইৰ নিজা বাসগৃহত পৰিয়ালৰ লোকৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে বেহুচ হৈ পৰিছিল অভিনেতাগৰাকী। তাৰ পাছতে হস্পাতালত ভৰ্তি কৰাৰ পাছত চিকিতসকে তেওক মৃত ঘোষণা কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২২চনৰে পৰা শাৰিৰিকভাৱে যথেষ্ট অসুস্থ হৈ আছিল অভিনেতাগৰাকী। আৰ্থিকভাৱে যথেষ্ট পিছপৰি থকা অভিনেতাগৰাকীক আৰ্থিকভাৱে সহায় কৰিছিল ধনুষ আৰু বিজয় সেতুপতিৰ দৰে অভিনেতাই। আনক হহুৱাই অৱশেষত নিজৰ জীৱনৰ পৰা মেলানি মাগিলে অভিনেতাগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ