আজি লক্ষ্মী লক্ষ্মী পূৰ্ণিমা। পঞ্জিকা অনুসৰি ১৭ অক্টোবৰত কোজাগৰী পূৰ্ণিমা। যদিও কোজাগৰী লক্ষ্মীপূজা নিশা হয় কিন্তু ১৬ তাৰিখে নিশাই এই পূজাৰ শুভক্ষণ পৰিছে। বহুতেই অৱশ্যে ১৭ তাৰিখেও লক্ষ্মীপূজা কৰিব। হিন্দু শাস্ত্ৰ অনুসৰি মা লক্ষ্মীক সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি বৰ্ষিত হয়। এই সকলো ৰাশিৰ জাতকৰ ওপৰত দেৱীয়ে প্ৰচুৰ পৰিমানে ধন সম্পদ বৰ্ষণ কৰে। জানি থওক কোন কোন ৰাশিৰ জাতক মা লক্ষ্মীৰ প্ৰিয়?
বৃষ ৰাশি
জ্যোতিষ অনুসৰি বৃষ ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে তুষ্ট থাকে মা লক্ষ্মী। মা লক্ষ্মীৰ আশীৰ্বাদত এওঁলোকৰ জীৱনত সকলো ধৰণৰ ধন সুখ থাকে। বৃষৰ জাতকৰ ঘৰত কেতিয়াও অৰ্থাভাৱ নহয়। এওঁলোক যেনেকৈ বুদ্ধিমান, তেনেকৈ কঠোৰ আৰু পৰিশ্ৰমীও হয়। নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু মা লক্ষ্মীৰ আশীৰ্বাদৰ জোৰত জীৱনত প্ৰচুৰ সাফল্য অৰ্জন কৰে বৃষ ৰাশিত জাতকে।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদ লক্ষ্য কৰা যায়। প্ৰকৃততে সৌভাগ্যবান হয় মিথুন ৰাশিৰ জাতক। সম্পদৰ দেৱীৰ আশীৰ্বাদত জীৱনত প্ৰচুৰ সৌভাগ্য অৰ্জন কৰে এওঁলোকে। এওঁঁলোকে কোনোদিনে অৰ্থৰ কষ্ট ভোগ নকৰে। মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী হয়। এওঁলোকৰ অলপতেই সুখী হোৱাৰ স্বভাৱো থাকে। সেয়ে সাধাৰণতে জীৱনত ডাঙৰ সাফল্য লাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে।
সিংহ ৰাশি
জ্যোতিষ গণনা অনুসৰি সিংহ ৰাশিৰ জাতক অত্যন্ত সৌভাগ্যবান হয়। মা লক্ষ্মীৰ আশীৰ্বাদ সকলো সময়তে এওঁলোকৰ ওপৰত থাকে। মা লক্ষ্মীৰ দয়াত সিংহ ৰাশিৰ জাতকে প্ৰচুৰ অৰ্থ আৰু সম্পদ অৰ্জন কৰে। সিংহ ৰাশিৰ জাতকে ৰজাৰ দৰে জীৱন কটায়। সকলোকে নেতৃত্ব দিয়াৰ ক্ষমতা এওঁলোকৰ মাজত থাকে। দীন দৰিদ্ৰক দান দক্ষিণাও কৰে এওঁলোকে।
মীন ৰাশি
মীন ৰাশিৰ জাতকো মা লক্ষ্মীৰ প্ৰিয় হয়। এওঁলোকৰ গ্ৰহাধিপতি হৈছে বৃহস্পতি। মা লক্ষ্মীৰ ওপৰিও নাৰায়ণৰ কৃপাদৃষ্টিও এওঁলোকে লাভ কৰে। এওঁলোকে প্ৰচুৰ পৰিশ্ৰম কৰিব পাৰে। ধনৰ অভাৱ কাহানিও নহয় এই ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ