এজন ৩২ বছৰীয়া শিক্ষকে এগৰাকী ১৬ বছৰীয়া ছাত্ৰীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ ইমানেই নহয় শিক্ষকগৰাকীক পাঠদান কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
শিক্ষকগৰাকীৰ নাম হৈছে আদম জেমছ৷ তেওঁ ইংলেণ্ডৰ এগৰাকী স্কুল শিক্ষক৷ শিক্ষক আদম জেমছে বিশেষ কায়দাৰে ছাত্ৰীগৰাকীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল৷
কিন্তু বিষয়টো পোহৰলৈ অহাৰ পিছতে শিক্ষক আদমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দেশখনৰ টিচিং ৰেগুলেটৰী এজেন্সীয়ে জীৱনকালৰ বাবে যিকোনো বিদ্যালয়তে তেওঁক পাঠদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷
লগতে পঢ়ক লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ
ডেইলী ষ্টাৰত প্ৰকাশিত খবৰ মতে আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰি ইয়াৰ পূৰ্বেও আন বিদ্যালয়ত তদ্ৰূপ ঘটনা সংঘটিত কৰি আহিছে নেকি তাৰো তদন্ত কৰি আছে৷
প্ৰকাশ পোৱা অনুসৰি শিক্ষক আদমে ছাত্ৰীগৰাকীলৈ প্ৰথমে স্নেপচাট আৰু মেইল মেচেজ দিবলৈ আৰম্ভ কৰে৷ এইদৰে মেচেজ দিবলৈ আৰম্ভ কৰাৰ পিছত লাহে লাহে অশ্লীল আৰু নগ্ন ফ’টো দিবলৈও ধৰে৷
ইয়াৰ মাজতে ছাত্ৰীগৰাকীক কোনেও গম নোপোৱাকৈ পাৰ্কত ফুৰাবলৈ নিয়াৰ লগতে হোটেল ৰেষ্টুৰেণ্ট খোৱাবলৈ লৈ যোৱা হ’ল৷ আনকি ঘৰত কোনো নথকা অৱস্থা ছাত্ৰীগৰাকীক নিজৰ ঘৰলৈও লৈ গৈছিল শিক্ষকজনে৷ এইদৰে ছাত্ৰীগৰাকীক ভুলাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল শিক্ষক আদমে৷
লগতে পঢ়ক নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!
তেনে সময়তে শিক্ষকজনৰ ভাতৃয়ে ঘৰ আহি পোৱাত ছাত্ৰীগৰাকীক এটা আলমিৰাত সোমোৱাই লুকুৱাই ৰাখিছিল বুলিও টিচিং ৰেগুলেটৰী এজেন্সিৰ আগত অভিযুক্ত শিক্ষকজনে প্ৰকাশ কৰিছে৷
তদন্তত প্ৰকাশ পোৱা মতে শিক্ষক আদমে বিদ্যালয়ৰ পৰা যোৱাৰ পিছতে প্ৰায়বোৰ ছাত্ৰীলৈকে স্নেপচাট অথবা মেইলত বিৰামহীনভাৱে মেচেজ প্ৰেৰণ কৰে৷ ছাত্ৰীসকলৰ সৈতে ঘণিষ্ঠতা বৃদ্ধিৰ বাবেই আদমে এই কাৰ্য কৰে যাতে পৰৱৰ্তী সময়ত ছাত্ৰীৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাট উলিয়াব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















