অসম লাইভ২৪ঃ কৰ্ণাটক, ৰাজস্থানৰ পাছতেই ৰাহুলৰ টাৰ্গেট তেলেংগানা৷ তেলেংগানাবাসীলৈ ৰাহুল গান্ধীৰ ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ তেলেংগানাৰ প্ৰতিগৰাকী বৃদ্ধক মাহিলী দিয়া হ’ব ৪০০০ টকা৷ বিধৱাসকলকো প্ৰতিমাহে দিয়া হ’ব ৪০০০ কৈ টকা৷ তেলেংগানাৰ প্ৰতিজন দলিত আদিবাসীক প্ৰদান কৰা হ’ব ভূমি৷ ইন্দিৰা গান্ধীয়ে প্ৰদান কৰা ভূমি হস্তগত কৰিছিল TRS চৰকাৰে৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ পৰা সেই ভূমি কাঢ়ি দলিতসকলক দিয়াৰ প্ৰতিশ্ৰুতি৷ কংগ্ৰেছৰ চৰকাৰ আহিলেই ৪ প্ৰতিশ্ৰুতি পুৰণ কৰাৰ প্ৰতিজ্ঞা৷ তেলেংগানাত উপস্থিত হৈয়েই TRSক আক্ৰমণৰ লক্ষ্য ৰাহুল গান্ধীৰ৷ TRS নিজা দল নহয়, TRS এতিয়া BRS হে বুলি ভাষণত উল্লেখ৷ কৰ্ণাটক, ৰাজস্থানৰ দৰেই তেলেংগানাক আমি গঢ় দিম বুলিও প্ৰতিশ্ৰুতি ৰাহুলৰ৷
কৰ্ণাটকৰ পাছতেই এইবাৰ তেলেঙ্গানাত ৰাহুলৰ যাদু৷ মেটমৰা প্ৰতিশ্ৰুতি লৈ তেলেংগানাত উপস্থিত হৈছে ৰাহুল গান্ধী৷ বিশাল জনসভাত ৰাহুলে তেলেংগানাবাসীক দিছে ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ ৰাহুলে ভাষণত কয়, ‘তেলেংগানা আপোনালোকৰ সপোনৰ এখন ৰাজ্য৷ তেলেংগানাবাসীৰ সপোন ৯বছৰে টিআৰএছে কাঢ়ি লৈছে৷ টিআৰএছ এতিয়া আপোনালোকৰ নিজা দল নহয়৷ টিআৰএছ BRS অৰ্থাৎ BJP Rishtedar Samitলৈ ৰূপান্তৰ হৈছে৷ টিআৰএছে কাঢ়ি লোৱা সপোন আমি পূৰ কৰিম৷ কৰ্ণাটক, ৰাজস্থানৰ দৰেই তেলেংগানাক আমি গঢ় দিম৷ তেলেংগানাৰ প্ৰতিগৰাকী বৃদ্ধালৈ প্ৰতিমাহে ৪০০০টকাকৈ পেঞ্চন৷ বিধৱাসকলকো ৪০০০ হাজাৰকৈ পেঞ্চনৰ সুবিধাৰ লগতে তেলেংগানাৰ প্ৰতিজন আদিবাসীকেই ভূমি প্ৰদান কৰিম৷’
তেলেংগানাত বিজেপিৰ সহযোগী দল টিআৰএছৰ বিৰুদ্ধে এইবাৰ ৰণডংকা বজাইছে ৰাহুলে৷ তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাহুলে তেলেংগানাবাসীক দিছে ৪টা বিশেষ প্ৰতিশ্ৰুতি৷ ৰাহুলে ভাষণত কয়, ‘তেলেংগানাত আমি বিজেপিৰ সহযোগী দলক আঁতৰাম৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাৱিছে৷ তেলেংগানাৰ দলিতৰ মাটি কাঢ়ি ৰজা হৈছে৷ দলিতৰ সেই কাঢ়ি লোৱা মাটি আমাৰ আইতাই দিছিল৷ ইন্দিৰা গান্ধীয়ে দলিতক দিয়া মাটি টিআৰএছে কাঢ়ি লৈছে৷ চৰকাৰ আহিলে এই মাটি আমি আপোনালোকক প্ৰদান কৰিম৷’
ৰাহুলে জনসভাত দলিতসকলক মাটি প্ৰদানৰ বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ ভাৰত জোড়ো যাত্ৰা সময়ত তেলেংগানাবাসীয়ে কোৱা প্ৰতিটো কথাই মনত ৰখাৰ কথাও ভাষণত উল্লেখ কৰিছে ৰাহুলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ