অসম লাইভ ২৪ঃ অশান্তজৰ্জৰ কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজৰ মুখা-মুখি সংঘৰ্ষত নিহত ১০জন সন্ত্ৰাসবাদী। শনিবাৰৰ পৰা চলি থকা এই আক্ৰমনত হতাহত হোৱা নাই সেনা জোৱান। বিগত ৪৮ ঘণ্টাত জম্মু-কাশ্মীৰৰ ৪ টা স্থানত আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে। পূৰ্বে ৯ এপ্ৰিলতো জম্মু-কাশ্মীৰৰ পুলোৱামাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। পৰিস্থিতি অধিক ভয়াৱহ হোৱাত কাশ্মীৰৰ শোপিয়া আৰু পুলোৱামা অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে প্ৰশাসনে। সন্ত্ৰাসবাদীৰ সন্ধানত দক্ষিণ কাশ্মীৰত অপাৰেচন অব্যাহত ৰাখিছে সেনাই। সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰৰ পাছতেই শোপিয়াৰ হাডিপোৰা অঞ্চলত তালাচী অভিযান আৰম্ভ কৰিছিল সেনাই। সংঘৰ্ষত নিহত হৈছে ‘অল বড্ৰে’ নামৰ সন্ত্ৰাসবাদী সংগঠনৰ ৩ জন সন্ত্ৰাসবাদী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















