• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

4 months ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

6 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

6 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

7 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

8 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

8 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

9 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

10 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

11 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

12 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

প্ৰতিটো শিশুৱে পাব ১৩,৬০০ টকা মূল্যৰ সোণৰ আঙঠি

editor by editor
June 25, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২২ জুনৰ পিছত জন্মলাভ কৰা নৱজাতকৰ পিতৃ-মাতৃলৈ সুখবৰ কঢ়িয়াইছে চৰকাৰে ঘোষণা কৰিছে এক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত প্ৰতিটো নৱজাতকে জন্মৰ লগে লগেই লাভ কৰিব এটাকৈ সোণৰ আঙঠি। তামিলনাডু চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী আঁচনি যাৰ অধীনত নৱজাতকক ১ গ্ৰাম ওজনৰ সোণৰ আঙুঠি উপহাৰ হিচাপে প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী জোছেফ বিজয়ৰ চৰকাৰে আৰম্ভ কৰিবলগীয়া এই আঁচনিৰ নাম হৈছে ‘থাইমামান থংগা মোধিৰাম থিট্টাম’। শেহতীয়াকৈ এই আঁচনিৰ ৰূপায়ণ, তদাৰক আৰু পৰিচালনাৰ বাবে চৰকাৰে এক বিশেষ কাৰ্যসূচী ব্যৱস্থাপনা ইউনিট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ইউনিটে আঁচনিৰ সামগ্ৰিক কাৰ্যকলাপ পৰিচালনা কৰাৰ লগতে ইয়াৰ সফল বাস্তৱায়ন নিশ্চিত কৰিব। আঁচনি অনুসৰি তামিলনাডুৰ চৰকাৰী চিকিৎসালয়সমূহত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী নবজাতক শিশুক এক গ্ৰাম সোণৰ আঙুঠি প্ৰদান কৰা হ’ব। বৰ্তমানৰ বজাৰ মূল্য অনুসৰি এই আঙুঠিৰ মূল্য প্ৰায় ১৩,৬০০ টকা। পৰিয়াললৈ নতুন সদস্যৰ আগমনৰ আনন্দ উদযাপন আৰু শিশুটিক আশীৰ্বাদ জনোৱাৰ উদ্দেশ্যে এই উপহাৰ আগবঢ়োৱা হ’ব।

নৱজাতকক সোণৰ আঙঠি উপহাৰ দিয়াৰ উদ্দেশ্য কি?

তামিল সংস্কৃতিত ‘থাইমামান ছীৰ’ নামৰ এক বিশেষ পৰম্পৰা আছে, য’ত মাতৃৰ ভাই অৰ্থাৎ মামাই নবজাতক শিশুক উপহাৰ প্ৰদান কৰে। সেই পৰম্পৰাক সন্মান জনাই চৰকাৰে নিজেই ‘মামা’ৰ ভূমিকা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে, চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত জন্ম হোৱা প্ৰতিগৰাকী শিশুৰ বাবে চৰকাৰে ‘মামা’ৰ দায়িত্ব পালন কৰি পৃথিৱীলৈ স্বাগতমৰ নিদৰ্শনস্বৰূপে সোণৰ আঙুঠি উপহাৰ দিব। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS)-ৰ তথ্য অনুসৰি, তামিলনাডুত প্ৰতি বছৰে প্ৰায় ৭.৮ লাখ প্ৰসূতিয়ে সন্তান জন্ম দিয়ে। ইয়াৰে ৯৯.৯% প্ৰসূতিয়ে চিকিৎসালয়ত জন্ম দিয়ে সন্তান। এইসকলৰ ভিতৰত প্ৰায় ৪.২ লাখ অৰ্থাৎ ৫৩ শতাংশ প্ৰসূতি চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত হয়।

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী বিজয়ে এই প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যখনত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী শিশুক ‘মামা’ হিচাপে তেওঁ সোণৰ আঙুঠি উপহাৰ দিব। নিৰ্বাচনত সফলতা লাভ কৰাৰ পিছত চৰকাৰে সেই প্ৰতিশ্ৰুতি বাস্তৱায়নৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, ‘থাইমামান থংগা মোধিৰাম থিট্টাম’ কেৱল এটা উপহাৰ বা আঁচনি নহয়; ই শিশুৰ জন্মৰ আনন্দ আৰু মাতৃত্বৰ গুৰুত্ব উদযাপনৰ এক বিশেষ প্ৰয়াস। লগতে ই কৃতজ্ঞতা, সন্মান আৰু স্মৃতিৰ প্ৰতীক হিচাপেও বিবেচিত হ’ব। চৰকাৰে জনোৱা মতে, এই আঁচনি আনুষ্ঠানিকভাৱে ১৫ ছেপ্টেম্বৰত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চি. এন. আন্নাদুৰাইৰ জন্মজয়ন্তীৰ দিনা শুভাৰম্ভ কৰা হ’ব। অৱশ্যে ২২ জুনৰ পৰা জন্মগ্ৰহণ কৰা শিশুসকলক এই আঁচনিৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰা হ’ব।

এই আঁচনিৰ বাবে কিমান টকা ব্যয় হ’ব?

এই বৃহৎ পদক্ষেপৰ বাবে তামিলনাডু চৰকাৰে বছৰি প্ৰায় ৭৫৫.৮৩ কোটি টকাৰ বাজেট আবণ্টন কৰিছে। চৰকাৰৰ মতে, তামিল সমাজত সোণৰ বিশেষ সাংস্কৃতিক আৰু আবেগিক মূল্য আছে। নৱজাতকক সোণ উপহাৰ দিয়া মানে শিশুৰ আগমনক উদযাপন কৰাৰ লগতে মাতৃকো সন্মান জনোৱা। চৰকাৰী নিৰ্দেশনাত আৰু কোৱা হৈছে যে, এই পদক্ষেপে জনস্বাস্থ্য ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব আৰু চৰকাৰী স্বাস্থ্যসেৱাক সমাজৰ গৌৰৱৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব। লগতে এই উপহাৰ শিশুৰ বাবে এক স্থায়ী সম্পদ হিচাপে থাকিব আৰু চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ প্ৰতি ইতিবাচক ভাবমূৰ্তি গঢ়ি তোলাত সহায়ক হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24tamilnadu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.