দ্য কাশ্মীৰ ফাইলছৰ পৰিচালনা কৰি দেশ জুৰি চৰ্চা লাভ কৰিছে ছবি নিৰ্দেশক বিবেক অগ্নিহোত্ৰীয়ে৷
বিবেক অগ্নিহোত্ৰীয়ে দেশৰ হিন্দুত্ববাদী সংগঠনকে আদি কৰি সাধাৰণ হিন্দুসকলৰ পৰা দ্য কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰি বিশেষভাৱে প্ৰশংসা লাভ কৰিছে৷ আনকি দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও প্ৰশংসাৰে ওপচাই পেলাইছে বিবেক অগ্নিহোত্ৰীক৷
১৯৯০ৰ কাশ্মীৰৰ পণ্ডিতসকলক হত্যা আৰু তেওঁলোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা অত্যাচাৰৰ এক বাস্তৱিক কাহিনীৰ ওপৰত নিৰ্মাণ কৰা ছবিখনে সাধাৰণ হিন্দুসকলৰ হৃদয়ও চুই যোৱাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷
লগতে পঢ়ক ৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক
কিন্তু দেশৰ মুছলমানসকলৰ লগতে বিৰোধী ৰাজনৈতিক দল আৰু প্ৰগতিশীল লোকসকলে বিবেক অগ্নিহোত্ৰীৰ এই ছবিখনক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে৷ তেওঁলোকে ৰাজনৈতিক প্ৰৰোচনাৰে বিবেক অগ্নিহোত্ৰীয়ে সাম্প্ৰদায়িক ৰং সানি ছবিখন নিৰ্মাণ কৰা বুলিও অভিযোগ কৰিছে৷
তেওঁলোকে বিবেক অগ্নিহোত্ৰীক দেশৰ ঐক্য সম্প্ৰীতিক বিনষ্ট কৰাৰ লগতে কাশ্মীৰ সাধাৰণ মুছলমান লোককো ভুলকৈ উপস্থাপন কৰি অত্যাচাৰী সজোৱা বুলি গুৰুতৰ অভিযোগো উত্থাপন কৰিছে৷
কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা এই গুৰুতৰ অভিযোগবোৰ নস্যাৎ কৰিছে বিবেক অগ্নিহোত্ৰীয়ে৷ বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছে যে কাশ্মীৰ পণ্ডিতসকলৰ ওপৰত কৰা অত্যাচাৰ হাজাৰ হাজাৰ তথ্য তেওঁ দাবী দাখিল কৰিবলৈ সাজু আছে৷
লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ
নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডলত এখন চিঠি আপলোড কৰি বিবেক অগ্নিহোত্ৰীয়ে লিখিছে ‘‘কোনোবাই মোক প্ৰত্যাহ্বান জনালে অথবা কোনোৱে মোৰ সৈতে বিতৰ্ক কৰিব খুজিলে মই এনে ধৰণৰ হাজাৰ হাজাৰ তথ্য দাখিল কৰিবলৈ সাজু আছো৷’’
বিবেক অগ্নিহোত্ৰীয়ে আপলোড কৰা চিঠিখনত কি লিখা হৈছে? যোগেন নাথ ৰাইনা নামৰ এগৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰা উক্ত চিঠিখনত লিখা আছে ‘‘আপুনি IBত কৰে, আপোনাৰ পত্নীও IBত কৰে৷ আপোনাৰ লগতে তিনি পুত্ৰ, দুই বোৱাৰীৰ সৈতে তেওঁলোকৰ সন্তান সকলোকো আমি হত্যা কৰিম৷ শ্ৰীনগৰলৈ আহিলেই আপোনালোকক হত্যা কৰা হ’ব৷ সাৱধানে থাকক৷’’
তেওঁক সমালোচনা কৰাসকলক লক্ষ্য কৰি এই পত্ৰখনৰ দৰেই আৰু হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি ভৰা পত্ৰ প্ৰকাশ কৰাৰ প্ৰত্যাহ্বান জনাইছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে৷
ইফালে তেওঁৰ ছবিখন প্ৰতি উৎসাহজনক মন্তব্য কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে বিবেক অগ্নিহোত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ