বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
বলীউডত আজিলৈকে বহু অভিনেত্ৰী আহিল, বহু গ’ল। তাৰে কিছুমানে বিশেষভাৱে মানুহৰ মন-প্ৰাণ মুহি লয়। কিছুমান আকৌ বিতৰ্কৰ বাবে চৰ্চাত থাকে। কিন্তু সবাতোকৈ সুন্দৰী বুলি কলে মনলৈ আহে বিশেষ কেইগৰাকীমান অভিনেত্ৰীৰহে নাম।
পাছে তাৰেই মাজৰ এগৰাকী অপুৰ্ব সুন্দৰী অভিনেত্ৰী, যাক দেখিলেই পৰি গৈছিল লাইটমেন। অভিনেতাবোৰো হৈছিল দীবানা। সম্বিৎ হেৰুৱাইছিল বহুতে। কেনেকৈ ইমান ধুনীয়া হব পাৰে কোনো মানুহ।
সেই অপুৰ্ব সুন্দৰী অভিনেত্ৰীগৰাকী হৈছে মধুবালা। য’তেই হাত দিছে সেয়াই হিট। বহু কেইখন ছুপাৰহিট ছবি দি গৈছে ভাৰতীয় চিনেমাজগতত। মুগল এ আজম কৰি দেশৰ লগতে বিশ্বৰে চিনাকি চেহেৰা হৈ পৰিছিল মধুবালা।
৬০-৭০ৰ দশকৰ সেই অতি ধুনীয়া অভিনেত্ৰী, যিয়ে মাত্ৰ এখন ছবিৰ পৰা ইমানেই নাম অৰ্জন কৰিছিল যে তেওঁৰ দৰে আৰু কোনেও বিখ্যাত হ’ব নোৱাৰিলে। আনকি এজন ছুপাৰষ্টাৰে প্ৰথমবাৰৰ বাবে দেখাৰ পিছত তেওঁৰ সংলাপবোৰো পাহৰি গৈছিল। চন্দ্ৰৰ দৰে উজ্জ্বল মুখৰ সেই অভিনেত্ৰী আছিল মধুবালা।
মধুবালাৰ সৌন্দৰ্য্য দেখি সকলোৱে আচৰিত হ’লেও শ্বাম্মী কাপুৰে প্ৰথম দেখাৰ পিছতে সম্বিৎ হেৰুৱাই পেলাইছিল। এই কথা শ্বাম্মী কাপুৰে নিজৰ জীৱনীত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, প্ৰথমবাৰৰ বাবে লগ পোৱাৰ সময়ত তেওঁ স্তম্ভিত হৈ পৰিছিল। দুয়োৰে প্ৰথম লগ হৈছিল ‘ৰেল কা দিব্বা’ ছবিৰ চেটত।
মধুবালাই প্ৰায় দুটা দশক বলীউডত শাসন কৰিছিল। চল্লিশৰ পৰা ষাঠিৰ দশকলৈকে মধুবালাই নিজৰ ষ্টাইলেৰে মানুহৰ হৃদয় জয় কৰিছিল। ১৯৫১ চনত জেমছ ব্ৰুক নামৰ এজন বিদেশৰ জনপ্ৰিয় ফটোগ্ৰাফাৰে মধুবালাৰ ফটো তুলিছিল। যি ফটো বিশ্বৰ অতিকে জনপ্ৰিয় আমেৰিকাৰ লাইফ আলোচনীতো প্ৰকাশ পাইছিল।
সেই আলোচনীখনত মধুবালাক বলীউডৰ আটাইতকৈ ডাঙৰ তাৰকা বুলি কোৱা হৈছিল। হলিউডৰ পৰাও অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল মধুবালাক। কিন্তু সেয়া কোনো বিশেষ কাৰণবশতঃ হৈ নুঠে। দিলীপ কুমাৰৰ সৈতে প্ৰেম আৰু শেষত কিশোৰ কুমাৰৰ সৈতে বিবাশ পাশত আৱদ্ধ হৈ সংসাৰ কৰে। যদিও বিয়াৰ পাছতে বিশেষ বেমাৰ ধৰা পৰে মধুবালাৰ। যি বেমাৰৰ কোনো চিকিৎসাই নাছিল। মাথো ১ বছৰমান থাকিব বুলি চিকিৎসকেও সদৰি কৰি দিছিল। পাছত ৯ বছৰ কষ্ট ভুগি অৱশেষত মাত্ৰ ৩৬ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















