আপোনাক বিশ্বৰ সুন্দৰ সুন্দৰ দেশসমূহত ভ্ৰমণ কৰিবলৈ এতিয়া আৰু ভিছাৰ প্ৰয়োজন নহয়৷ এইসমূহ দেশলৈ যাবলৈ ভাৰতীয়ক নালাগে কোনো ভিছা৷ হেনলি পাছপোৰ্ট ইনডেক্সৰ ২০২৬ চনৰ জানুৱাৰী সংস্কৰণ সদ্য প্ৰকাশিত হৈছে৷ তাতেই জনা গৈছে যে তালিকাত পাঁচ ধাপ ওপৰলৈ উঠি ৮০তম স্থানলৈ আহিছে ভাৰতীয় পাছপোৰ্ট৷ সুখবৰ হৈছে ভাৰতীয় পাছপোৰ্টধাৰীয়ে এতিয়া ৫৫খন দেশ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব৷
মঙ্গলবাৰে নতুনকৈ পাছপোৰ্টৰ ক্ৰমতালিকা প্ৰকাশ কৰিছে হেনলি পাছপোৰ্ট ইন্ডেক্সে৷ বিশ্বৰ কেইবাখনো দেশত নিৰ্দিষ্ট এখন ৰাষ্ট্ৰৰ পাছপোৰ্ট ব্যৱহাৰ কৰি প্ৰৱেশাধিকাৰ পোৱা যায় তাৰ ভিত্তিতেই হেনলি পাছপোৰ্ট ইণ্ডেক্স তৈয়াৰ হয়৷ ভিছা নীতিত পৰিবৰ্তন হলেই আপডেট হয় এই ইণ্ডেক্স৷ সেই ভিত্তিতেই নতুন তালিকা প্ৰকাশ কৰা হয়৷ ইয়াত দেখা গৈছে যে বিগত বছৰৰ তালিকাত ৮৫তম স্থানত আছিল ভাৰত৷ এবছৰৰ ভিতৰত এই ক্ৰমতালিকাত পাঁচ ধাপ উন্নতি হৈছে দেশৰ৷ ভাৰতৰ সৈতে নাইজাৰ আৰু আলজেৰিয়াও আছে একেই স্থানত৷ সকলো মিলি ৫৫খন দেশ ভ্ৰমণ কৰিব পাৰিছ ভাৰতীয় পাছপোৰ্ট হোল্ডাৰে৷ জানি থওক কোন কোন দেশলৈ যাবলৈ ভাৰতীয়ক নালাগে ভিছা?
ভিছামুক্ত দেশৰ তালিকা
এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলঃ ভুটান, নেপাল, মালয়েছিয়া, থাইলেণ্ড, মৰিছাচ, ফিজি, কেৰিবিয়ান, বাৰ্বাডোছ, ডোমিনিকা, গ্ৰেনাডা, জামাইকা৷
বিশ্বৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট
হেনলি পাছপোৰ্ট ইনডেক্স অনুসৰি বৰ্তমান বিশ্বৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট ছিংগাপুৰৰ৷ সেই দেশৰ নাগৰিকে ভিছা অবিহনেই ১৯২টা গন্তব্যস্থানলৈ যাব পাৰে৷ ইয়াৰপাছতেই জাপান আৰু দক্ষিণ কোৰিয়াৰ নাগৰিকেও ১৮৮খন দেশলৈ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰে৷ তৃতীয় স্থানত আছে ইউৰোপৰ পাঁচখন দেশ, ডেনমাৰ্ক, লুক্সেমবাৰ্গ, স্পেইন, ছুইডেন আৰু ছুইজাৰলেণ্ড৷ এইকেইখন দেশৰ নাগৰিকে ১৮৬খন দেশলৈ ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰে৷
সকলোতকৈ দুৰ্বল পাছপোৰ্ট
হেনলি পাছপোৰ্ট ইনডেক্সৰ তালিকাৰ একেবাৰে তলত আছে বাংলাদেশ(৯৫), পাকিস্তান(৯৮) য়েমেন(৯৮) ইৰাক(৯৯), ছিৰিয়া(১০০) আৰু আফগানিস্থান(১০১)৷ এইসমূহ দেশৰ নাগৰিকে যথাক্ৰমে ৩৭, ৩১, ২৯, ২৬ আৰু ২৪খন দেশ ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















