• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

9 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

editor by editor
June 15, 2022
in অসম, ৰাজনীতি
0
কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ নিৰ্বাচনত ধাৰাবাহিক পৰাজয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৌশলী আগ্ৰাসী ৰাজনীতিয়ে কংগ্ৰেছৰ সন্মুখত সৃষ্টি কৰিছে প্ৰবল প্ৰত্যাহ্বান৷ ই এতিয়া নতুন কথা হৈ থকা নাই৷ আৰু সেই প্ৰত্যাহ্বানক ওফৰাবলৈ কংগ্ৰেছ দল এইপৰ্যন্ত সফল হোৱা নাই৷ ব্যৰ্থ হৈছে বিভিন্ন ৰণকৌশল৷ নতুন চিন্তা–চৰ্চাও চলিব লাগিছে দলৰ ভিতৰচ’ৰাত৷ কিন্তু তৎসত্ত্বেও একমাত্ৰ দলীয় সংঘাত অথবা নেতৃত্ব কেন্দ্ৰিক বিবাদৰ বাবে কংগ্ৰেছ দলে ৰাজনৈতিকভাৱে bjpক প্ৰত্যাহ্বান জনাব পৰা নাই৷ বিশেষকৈ দলৰ আভ্যন্তৰত সক্ৰিয় হৈ থকা কেইবাটাও গোটৰ বাবে কংগ্ৰেছ দল বিপৰ্যস্ত হৈ পৰা বুলি খোদ apccৰ সভাপতিগৰাকীয়ে অলপতে ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছিল৷ প্ৰতিনিয়ত দলীয় সংঘাতৰ বাতৰি সংবাদ মাধ্যমতো প্ৰকাশিত হ’ব লাগিছে৷ কিন্তু অতি সম্প্ৰতি অন্য এক বিষয় পুনৰ চৰ্চালৈ আহিছে৷

প্ৰকাশিত বাতৰি অনুসৰি হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ একাংশ নেতা–কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে অতি কৌশলেৰে ৰাজনৈতিক যুঁজ আৰম্ভ কৰিছে৷ কিন্তু এই যুঁজৰ আঁৰত এক ধৰ্মীয় অথবা সাম্প্ৰদায়িক অনুভূতি জড়িত থকাটোও স্পষ্ট হৈ উঠিছে৷ এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে ভূপেন কুমাৰ বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছত কংগ্ৰেছৰ একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নেতাই কৌশলেৰে apccৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল৷ ইয়াৰো কাৰণ নথকা নহয়৷ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই মহাজোঁট ভংগ কৰি স্পষ্টভাৱে aiudfৰ ৰাজনৈতিক শক্তিক নস্যাৎ কৰিছিল৷ কেৱল সিমানেই নহয়, আনকি ধৰ্মীয় সাম্প্ৰদায়িকতাৰে অসমত ৰাজনীতি কৰিবলৈ aiudfক সুযোগ দিয়া নহ’ব বুলি দোহাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ মুছলমান অধ্যুষিত বিধানসভা সমষ্টি সমূহত সাংগঠনিক প্ৰভাৱ থকা aiudfৰে নিৰ্বাচনী মিত্ৰতা নাথাকিলে বহু কেইটা সমষ্টিত কংগ্ৰেছৰ ধৰ্মীয় সংখ্যালঘু নেতাৰ স্থিতি বিপজ্জনক হৈ পৰিব বুলি শংকিত হৈ উঠে একাংশ নেতা৷ আৰু তেনে এক ৰাজনৈতিক শংকাৰ পৰা মুক্তি বিচাৰি কংগ্ৰেছত সংখ্যালঘু সম্প্ৰদায়ৰ বহু কেইগৰাকী ৰাজনীতিকে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰিত কৰাৰ কৌশল ৰচিছে৷ এই কৌশলৰ আঁৰত প্ৰদেশ কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন সভাপতিৰ হাত থকা বুলিও খোদ কংগ্ৰেছৰ ভিতৰচ’ৰাত সৰৱ চৰ্চা চলিছে৷ একেদৰে মধ্য অসমৰ এগৰাকী প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মন্ত্ৰীও এই ষড়যন্ত্ৰত জড়িত আছে বুলি অভিযোগ উঠিছে৷

লগতে পঢ়ক দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

শেহতীয়াভাৱে সংবাদ মাধ্যমত ফাদিল হোৱা এক টেলিফোনিক বাৰ্তালাপে এই অভিযোগৰ সত্যতা দাবী কৰে বুলি ধাৰণা কৰিব পাৰি৷ কিয়নো হাজো ব্ল’ক কংগ্ৰেছৰ এগৰাকী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নেতাই টেলিফোনযোগে অন্য কোনো দলীয় নেতাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে মত প্ৰকাশ কৰে৷ কেৱল সিমানেই নহয়, ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এই নেতাগৰাকীয়ে তেওঁৰ টেলিফোনিক বাৰ্তালাপত ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰো নাম উল্লেখ কৰিছে৷

সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছতে ভূপেন কুমাৰ বৰাই প্ৰদেশ কংগ্ৰেছত মূলসুঁতিৰ অসমীয়া নেতাক অগ্ৰাধিকাৰ দিয়াতো পৰিলক্ষিত হৈছে৷ একে সময়তে অসমৰ বিভিন্ন জাতি–জনজাতিৰ লোকৰ মাজত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই কাৰ্যই একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক শংকিত কৰি তোলাতো স্বাভাৱিক৷ আৰু গতিকে তেনে একাংশ নেতাই কংগ্ৰেছৰ ভিতৰচ’ৰাত ভূপেন বৰাক মুছলমান বিৰোধী বুলি প্ৰতিপন্ন কৰিবলৈ ধাৰাবাহিক চেষ্টা চলাইছে৷ নামনি অসমৰ এগৰাকী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতাই ৰাজহুৱাভাৱেও ভূপেন বৰাৰ বিৰুদ্ধে কৌশলেৰে মত প্ৰকাশ কৰি আহিছে৷ অন্য অৰ্থত কংগ্ৰেছত এচাম জ্যেষ্ঠ নেতাই ভূপেন বৰাক মুছলমান বিৰোধী বুলি প্ৰমাণিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলোৱাৰো তথ্য নথকা নহয়৷

লগতে পঢ়ক Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

কিন্তু এই অপপ্ৰচাৰ কিয়? হঠাৎ কংগ্ৰেছত হিন্দু–মুছলমানৰ নামত ৰাজনীতি চলিছে কিয়? এই ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছত ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰিবলৈ দলৰ বাহিৰৰ এক শক্তি সক্ৰিয় হৈ আছে৷ এই খিনিতে প্ৰশ্ন উদয় হয় সেই শক্তি bjp নেকি? আৰু যদি কংগ্ৰেছতো ধৰ্মীয় ৰাজনীতি সিঁচি দিবলৈ bjp সক্ষম হৈছে তেন্তে বুজিব লাগিব যে ধৰ্মীয় সাম্প্ৰদায়িকতাই ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰলৈ ভাবুকি অনাতো নিশ্চিত৷ আৰু ই ভাৰতীয় গণতন্ত্ৰৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে বিপদজ্জনক হিচাপে চিহ্নিত হ’ব৷ কিন্তু ধৰ্ম নিৰপেক্ষতা নীতিৰে সুদীৰ্ঘ সময় দেশৰ ৰাজনীতিত অখণ্ড প্ৰভাৱ ৰাখিবলৈ সক্ষম হোৱা দলটোৰ মাজত আজি ধৰ্মীয় ভেদাভেদ সৃষ্টি হৈছে নেকি? আৰু যদি হৈছে সেই ধৰ্মীয় সংকীৰ্ণতাৰ বলি হ’ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা?

ভূপেন কুমাৰ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পাছত অসংগঠিত ৰূপত যি বিসম্বাদ চলি আছে, সেই বিসম্বাদৰ আঁৰত থকা আটাইকেইগৰাকী নেতাই কিন্তু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ৷ আৰু সেইবাবে আজি কংগ্ৰেছৰ ভিতৰচ’ৰাত ই এক জটিল প্ৰশ্ন হৈ উঠিছে৷ হয়তো অনাগত সময়ত অধিক স্পষ্ট হ’ব এয়া হিন্দু–মুছলমানৰ সংঘাত নে ৰাজনৈতিক হতাশাৰ প্ৰতিফলন?

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.