প্ৰস্ৰাৱৰ সময়ত জ্বলা-যন্ত্ৰণা বা ঘনে ঘনে প্ৰস্ৰাৱৰ বেগ মানেই মূত্ৰনলীৰ সংক্ৰমণ হ’ব তেনে নহয়৷ নিশা বাৰে বাৰে প্ৰসাৱৰ বেগ আহিলে ডায়বেটিছ ভাৱি ভুল কৰে বহুতেই৷ এইসমূহ লক্ষম দীৰ্ঘসময় ধৰি দেখা দিলে সতৰ্ক হোৱাটো জৰুৰী৷ চিকিৎসকে জনাইছে যে প্ৰষ্টেট কৰ্কটৰ উপসৰ্গ সকলোৰে ক্ষেত্ৰত একেই হ’ব তেনে নহয়৷ বহুসময়ত পিঠি, কঁকাল আৰু নিতম্বৰ যন্ত্ৰণাও কৰ্কটৰ লক্ষণ হব পাৰে৷ কি কি উপসৰ্গ এৰাই নচলিব? জানি থওক সবিশেষ৷
নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ পৰা প্ৰকাশিত গৱেষণাপত্ৰত লিখা হৈছে ৪০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত এই কৰ্কটৰ আশংকা সকলোতকৈ বেছি থাকে৷ এই ৰোগৰ প্ৰাথমিক লক্ষণ সম্পৰ্কে সতৰ্ক থকাটো আৱশ্যক৷ অৱশ্যে ৫০ পাৰ হৈ গলেও পৰিয়ালত এই ৰোগৰ ইতিহাস থাকিলে সতৰ্ক থকাটো জৰুৰী৷ বাৰে বাৰে প্ৰস্ৰাৱ লগা, প্ৰষ্টেট কৰ্কটৰ লক্ষণ হব পাৰে৷ বিশেষকৈ নিশা বাৰে বাৰে মূত্ৰত্যাগৰ প্ৰৱণতা বেছি হয়৷ প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱৰা কিংবা প্ৰস্ৰাৱ লাগিলেও ঠিকধৰণে মূত্ৰত্যাগ কৰিব নোৱৰাও এই ৰোগৰ এক লক্ষণ৷
মূত্ৰত্যাগৰ সময়ত বিষ হোৱা মুঠেও ভাল লক্ষণ নহয়৷ মূত্ৰত্যাগৰ সময়ত বিষ বা জ্বলাপোৰা, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হলে সতৰ্ক হওক৷ প্ৰষ্টেট কৰ্কটৰ আৰু এটা লক্ষণ হৈছে পিঠি-কঁকাল আৰু নিতম্বৰ যন্ত্ৰণা৷ কৰ্কটৰ কোষ দ্ৰুত বিভাজিত হয় আৰু মেৰুদণ্ডলৈকে বিয়পি পৰিবলৈ বেছি সময় নালাগে৷ তেতিয়াই পিঠি আৰু পেলভিক এলেকাত বিষ আৰম্ভ হয়৷ হাড় দুৰ্বল হৈ পৰে৷ হাড় ভঙ্গুৰো হৈ পৰে৷ সেয়ে পেলভিক অঞ্চলত বিষ যদি দীৰ্ঘম্যাদি হৈ যায় তেতিয়া চিকিৎসকৰ কাষলৈ যাওক৷ কিছু পৰীক্ষা কৰাটো খুবেই জৰুৰী৷ প্রথমেই যি পৰীক্ষা কৰাব লাগে সেয়া হৈছে আলট্ৰা ছনগ্ৰাফী৷ এই পৰীক্ষাত প্ৰষ্টেটৰ মাপ বুজা যায় ইয়াৰ পাছতেই ট্ৰেন্স ৰেক্টেল চাউণ্ড টেষ্ট কৰাব লাগে৷ প্ৰষ্টেট কৰ্কট চিহ্নিত কৰাৰ বাবে আৰু এটা পৰীক্ষা হৈছে প্ৰষ্টেট স্পেছিফিক এণ্টিজেন টেষ্ট৷ পি এছ এ এণ্টিজেনৰ মাত্ৰা প্ৰতি মিলিলিটাৰ তেজত যদি ৪.০ নেনোগ্ৰামৰ বেছি যয় তেতিয়া সেয়া অস্বাভাৱিক বুলি ধৰি লোৱা হয়৷ এইক্ষেত্ৰত বায়পছি কৰি কৰ্কটৰ কোষৰ বিভাজন হৈছে নেকি সেয়া পৰীক্ষা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















