চুলি সৰাৰ সমস্যা এতিয়া প্ৰায়সংখ্যকৰেই এক ডাঙৰ সমস্যা৷ আধুনিক জীৱনত ই এক ডাঙৰ চেলেঞ্জ৷ কেৱল চুলি সৰাই নহয় চুলি গজাৰ ক্ষেত্ৰতো লেহেমীয়া গতি এতিয়া প্ৰায়সংখ্যকৰেই সমস্যা হৈ পৰিছে৷ চুলিৰ স্বাস্থ্যৰ বাবে বহুতেই দামী প্ৰডাক্ট, পাৰ্লাৰৰ ট্ৰিটমেণ্ট গ্ৰহণ কৰে৷ কিন্তু তেনেই সাধাৰণ বুলি ভৱা এইসমূহ উপাদানেৰেই আপুনি সহজে চুলি সৰা সমস্যা কমাব পাৰে৷
১. এলোভেৰা আৰু নাৰিকল তেলৰ পেকঃ এলোভেৰা জেল আৰু নাৰিকল তেল মিহলাই স্কেল্ফত লগাই ৩০- ৪৫ মিনিটত সময় ৰাখি ধুই পেলালে চুলি মজবুত হয় আৰু চুলিৰ গুৰি খজুওৱাৰ সমস্যা কমে৷
২. মেথি আৰু দৈৰ মাস্কঃ নিশা তিঁয়াই থোৱা মেথিৰ বীজ পেষ্ট কৰি তাত দৈ মিহলাই ৩০ মিনিট লগাই থওক৷ ইয়াৰ ফলত চুলিৰ গুৰি মজবুত হয় আৰু চুলিৰ প্ৰাকৃতিৰ উজ্জ্বলতা আহে৷
৩. পিঁয়াজৰ ৰস আৰু মৌৰ পেকঃ পিঁয়াজৰ ৰসৰ সৈতে মৌ মিহলাই ২০-৩০ মিনিট লগাই ৰাখিলে মূৰৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু খুব দ্ৰুত চুলি গজে৷
৪. আমলা আৰু শিলিখাৰ মাস্কঃ আমলা আৰু শিলিখাৰ পেষ্ট কৰি স্কেল্ফত লগাব পাৰে৷ ভিটামিন চি আৰু প্ৰাকৃতিক ক্লিনজাৰৰ উপকাৰ পাব আৰু চুলিৰ বৃদ্ধিও কৰে৷
৫. কল আৰু অলিভ অয়েল মাস্কঃ পকা কল আৰু অলিভ অয়েল চুলিৰ বাবে খুবেই উপকাৰী৷ এই পেক চুলিত লগাতে শুষ্কতা দূৰ হয় আৰু চুলি কোমল আৰু মসৃণ কৰে৷
৬. জবা ফুল আৰু নৰসিংহ পাতৰ মাস্কঃ জবা ফুল আৰু নৰসিংহ পাতৰ পেষ্ট লগালে চুলিয়ে ফলিকল পুষ্টি পায় আৰু অকালপক্কতা কমে৷
৭. কণী আৰু কেষ্টৰ অয়েল মাস্কঃ কণী আৰু কেষ্টৰ অইল মিহলাই লগালে চুলিয়ে প্ৰটিন পায় আৰু চুলি ঘন আৰু মজবুত হয়৷
প্ৰতিটো মাস্ক সপ্তাহত ১-২ বাৰ ব্যৱহাৰ কৰিব লাগে৷ চুলি ধোৱাৰ পূৰ্বে এই মাস্ক লগাইহে চুলি ধুব৷ পেকসমূহ লগোৱাৰ পাছত শেষত চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰোপৰি চুলিৰ বাবে পুষ্টিকৰ খাদ্য আৰু পৰ্যাপ্ত পানী খোৱা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















