ব্যস্তময় জীৱনত ফাষ্টফুড আৰু অতি প্ৰক্ৰিয়াজাত খাদ্য আমাৰ খাদ্যভাষৰ এটা অংশ হৈ উঠিছে৷ সাম্প্ৰতিক গৱেষণাত প্ৰকাশ পাইছে যে এইসমূহ খাদ্যই কেৱল মেদবহুলতা বা ডায়বেটিছৰ আশংকাই নবঢ়াই ই পুৰুষৰ উৰ্বৰতাকো গুৰুতৰভাৱে প্ৰভাৱিত কৰে৷ বিশেষজ্ঞসকলৰ মতে অতি প্ৰক্ৰিয়াজাত খাদ্যত থাকে অতিৰিক্ত ট্ৰান্স ফেট, সংৰক্ষণকাৰী ৰাসায়নিক, হৰমন দূষিত উপাদান আৰু অত্যধিক চেনী৷ যিয়ে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা, গতি আৰু গঠন নষ্ট কৰিব পাৰে৷ আনকি একাধিক গৱেষণাত দেখা গৈছে যে এই খাদ্য বেছিকৈ খোৱা পুৰুষৰ শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয় ফলিকল উত্তেজক হৰমনৰ মাত্ৰা উল্লেখযোগ্যভাৱে কম থাকে৷
কোনবোৰ খাদ্য বেছি ক্ষতিকৰ?
প্ৰছেছড মাংস
হটডগ, বেকন, ছালমিৰ দৰে খাদ্যই শুক্ৰাণুৰ সংখ্যা কমাই দিয়ে আৰু অস্বাভাৱিক আকৃতিৰ শুক্ৰাণুৰ হাৰ বঢ়ায়৷
উচ্চ ফেটযুক্ত দুগ্ধজাত খাদ্য
সম্পূৰ্ণ ফেটযুক্ত গাখীৰ আৰু চিজে শুক্ৰাণুৰ গতি কমাব পাৰে৷
ট্ৰান্স ফেট
ভজা খাদ্য, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাই আৰু পেকেটজাতীয় বেকড আইটেমত থকা ট্ৰান্স ফেটে শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰে৷
অত্যধিক ছয়াবিন খোৱা
ছয়াবিনত থকা ফাইটো ইষ্ট্ৰোজেনে হৰমনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷ বিশেষকৈ মেদবহুল পুৰুষৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছিকৈ দেখা যায়৷
উচ্চ মাৰ্কাৰিযুক্ত মাছ
টুনা আৰু ছৰ্ডফিচৰ দৰে মাছ অত্যধিক পৰিমাণে খালে শুক্ৰাণুৰ ডিএনএ ক্ষতিগ্ৰস্থ হব পাৰে৷
চেনী আৰু ছফ্ট ড্ৰিংকছ
অত্যধিক চেনীয়ে ইনছুলিন ৰেজিষ্টেন্স, মেদবহুলতা আৰু টেষ্টোষ্টেৰণ হ্ৰাস কৰে৷ ফলত শুক্ৰাণু ক্ষতিগ্ৰস্থ হয়৷
কীটনাশক দূষিত ফল আৰু পাচলি
পেষ্টিছাইডযুক্ত শাকপাচলি আৰু ফলে শুক্ৰাণুৰ গুণমান কমাই দিয়ে৷
চিকিৎসকৰ মতে পুৰুষৰ প্ৰজনন ক্ষমতা ৰক্ষাৰ বাবে খাদ্যতালিকাত বেছিকৈ ৰাখিব লাগে তাজা ফল, পাচলি, পূৰ্ণ শস্য, বাদাম আৰু ওমেগা ৩ সমৃদ্ধ মাছ৷ ইয়াৰ সৈতে অতি প্ৰক্ৰিয়াজাত খাদ্য, ছফ্ট ড্ৰিংকছ আৰু প্ৰছেছড মাংস যিমান সম্ভৱ এৰাই চলা উচিত৷ গৱেষণাই লগতে কৈছে প্ৰক্ৰিয়াজাত খাদ্য অত্যধিক ব্যৱহাৰ কৰিলে ওজন বঢ়াই নহয়, বৰং একেই কেলৰিৰ অন্য খাদ্যৰ তুলনাত শৰীৰত বেছি চৰ্বি জমা হোৱাত সহায় কৰে৷ ফলত পুৰুষৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰিও ভৱিষ্যতে সন্তান জন্মৰ সক্ষমতাকো বাধা প্ৰদান কৰে৷
এককথাত আপুনি যি খাদ্য গ্ৰহণ কৰে তাৰ প্ৰভাৱ আপোনাৰ দেহৰ প্ৰতিটো অংশত পৰে৷ সুস্থ প্ৰজন্মৰ বাবে এতিয়াই সচেতন হোৱা জৰুৰী৷ গৱেষকে জনাইছে যে আধুনিক জীৱনৰ বাহিৰত খোৱাৰ প্ৰৱণতা দ্ৰুত বাঢ়িছে আৰু বেছিভাগেই অতি প্ৰক্ৰিয়াজাত খাদ্য৷ বহুক্ষেত্ৰত ব্যস্ততাৰ কাৰণে পুৰুষে সঠিক খাদ্যভাষত মন দিব নোৱাৰে৷ ফলত দীৰ্ঘম্যাদি প্ৰভাৱ পৰিছে তেওঁলোকৰ হৰমন, প্ৰজনন ক্ষমতা আৰু সামগ্ৰিক মানসিক স্বাস্থ্যৰ ওপৰতো৷ সেয়ে নিয়মিত ব্যায়াম, টোপনি আৰু সুষম খাদ্য গ্ৰহণেই এতিয়া একমাত্ৰ সমাধান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















