কথাতেই কয়, জন্ম, মৃত্যু, বিবাহ বিধাতাৰ লিখন৷ প্ৰচলিত বিশ্বাস অনুসৰি কেতিয়া কাৰ সৈতে বিয়াত বহিব সেয়া দেৱতাই নিশ্চিত কৰে৷ ৰাশি বিচাৰ কৰি অৱশ্যে জ্যোতিষীয়ে ক’ব পাৰে কোন ৰাশিৰ জাতকে কেতিয়া বিয়াত বহিব৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি এই বছৰতেই বিয়াত বহিব কেইটামান ৰাশিৰ জাতক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ৷ শুক্ৰ গ্ৰহ ভালপোৱা আৰু আবেগকাৰক গ্ৰহ৷ এই বছৰতেই বিবাহ বান্ধোনত আৱদ্ধ বৃষ ৰাশিৰ জাতক৷ এওঁলোকৰ জন্মচকত বিবাহৰ যোগ আছে৷
মীন ৰাশি
নৱেম্বৰত বিবাহৰ যোগ আছে মীন ৰাশিৰ জাতকৰ৷ সেই সময়তেই মীন ৰাশিৰ জাতক বিয়াত বহিব পাৰে৷ মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ বৃহস্পতিৰ শুভ যোগত মীন ৰাশিৰ জাতক বিয়াত বহিব পাৰে৷
কন্যা ৰাশি
আপুনি যদি কন্যা ৰাশিৰ জাতক এই বছৰৰ শেষতেই আপুনিও বিবাহপাশত আৱদ্ধ হ’ব পাৰে৷ কন্যা ৰাশিত অধিপতি গ্ৰহ বুধ৷ বুধৰ প্ৰভাৱতেই বিবাহৰ প্ৰস্তাৱ পাব পাৰে আপুনি৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ এই ৰাশিৰ জাতক অত্যন্ত আৱেগপ্ৰৱণ৷ কৰ্কট ৰাশিৰ জাতক বিয়াৰ আয়োজন হ’ব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙল৷ ২০২৪তেই বিবাহৰ যোগ আছে এই ৰাশিৰ জাতকো৷
তুলা ৰাশি
তুলা ৰাশিৰো অধিপতি গ্ৰহ শুক্ৰ৷ প্ৰেমৰ গ্ৰহ শুক্ৰৰ প্ৰভাৱতেই বিবাহত বহিব পাৰে এই ৰাশিৰ জাতক৷ এই বছৰতেই বিবাহৰ যোগ আছে তুলা ৰাশিৰ জাতকৰো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ