অসম লাইভ২৪ঃ সম্পৰ্কত যৌনতা অত্যন্ত সাধাৰণ এক বিষয়। যৌনতাই কেৱল পৃথক অনুভূতিয়েই প্ৰদান নকৰে, ই সম্পৰ্ক একোটাক সুদৃঢ়ৰূপে বান্ধি ৰখাতো সহায় কৰে। সম্পৰ্কৰ ৰাসায়ন তৈয়াৰ কৰোতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে শাৰীৰিক ঘনিষ্ঠতাই। শৰীৰৰ এই নিভৃত উদযাপনে সম্পৰ্কৰ সমীকৰণ ভালেৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পৰ্ক শক্তিশালী কৰিবলৈ সেয়ে এই সম্পৰ্ক খুবেই জৰুৰী। কিন্তু বহু সময়ত দেখা যায় যে বহুতেই যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাই। ইয়াৰ প্রভাৱ পৰে সম্পৰ্কতো। কিন্তু কি কি কাৰণত মানুহে এই আগ্ৰহ হেৰুৱাই পেলায়?
ক্লান্তি
যৌন মিলনৰ ভৰপুৰ আনন্দ পোৱাত ক্লান্তিভাৱে বাধা দিয়ে। কৰ্মক্ষেত্ৰত থকা চাপ, সাংসৰিক দায়িত্ব, সন্তানৰ প্ৰতি থকা দায়িত্ব, মানসিক চিন্তাই শৰীৰক ভাৰাক্ৰান্ত কৰি ৰাখিলেও এই ইচ্ছা কমি আহে।
হীনমন্যতা
নিজৰ শাৰীৰিক গঠনক লৈ বহুতেই হীনমন্যতাত ভোগে। সচৰাচৰ এই বিষয়টো দৃষ্টিগোচৰ নহয় যদিও ই অতি গভীৰ এক বিষয়। অৱচেতন মনত ক্ৰমাগতভাৱে বাঢ়ি যোৱা এই ভাৱনাই যৌন জীৱনতো নেতিবাচক প্ৰভাৱ পেলাই। এই সমস্যাত ভুগিলে সংগীৰ সৈতে আলোচনা কৰিলেহে মুক্তি লাভ কৰিব পাৰে বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে।
একঘেয়ামী
দীৰ্ঘদিন ধৰি একেলগে থাকিলে যৌনজীৱনতো একঘেয়ামীতা আহি পৰে। মুখেৰে খুলি নকলেও বহু সমস্যা ফাট মেলাৰ ইয়ো এক কাৰণ। একঘেয়ামী হৈ পৰা যেন অনুভৱ হ’লে যৌন জীৱন ৰোমাঞ্চকৰ কৰিব পৰা উপায় অৱলম্বন কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















