কাইলৈ ২০ মাৰ্চ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’তৰ কৃষ্ণা ষষ্ঠী তিথি৷ কাইলৈ নিশা ২ বাজি ৪৫ মিনিট পৰ্যন্ত কৃষ্ণা ষষ্ঠী তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হব সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বজ্ৰ যোগ আৰু সিদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে অনুৰাধা নক্ষত্ৰ আৰু পাছত জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ২০ মাৰ্চত ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ নাৰায়ণৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ সম্পত্তিৰ লেনদেনৰ বাবেও কাইলৈ দিনটো আপোনাৰ পক্ষে বেছ ভাল৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেমৰ পৰিবেশ থাকিব৷ প্ৰয়োজনৰ সময়ত নিজৰ জীৱনসংগীক কাষত পাব৷ যিসকল অবিবাহিত, তেওঁলোকৰ বিবাহৰ কথা আগুৱাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















