তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডুত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ অভিযোগক লৈ দেশজুৰি চলিছে চৰ্চা৷ বিশ্বৰ নানান প্ৰান্তৰ পৰা অসংখ্য ভক্তই আহি সংগ্ৰহ কৰে এই প্ৰসাদ৷ তিৰুপতি বালাজী মন্দিৰত প্ৰতিদিনে লাখ লাখ লাড্ডু তৈয়াৰ কৰা হয়৷ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয় এই লাড্ডু তৈয়াৰত? কিমান ধন দি আপুনি সংগ্ৰহ কৰিব পাৰে এই লাডডু?
ক’ত কেনেকৈ তৈয়াৰ কৰা হয় এই প্ৰসাদী লাড্ডু?
অত্যন্ত সোৱাদ এই তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডু৷ দিত্তম নামৰ এক উপাদান দি তৈয়াৰ কৰা হয় লাড্ডুসমূহ৷ এই লাডডু তৈয়াৰৰ বাবে জাৰ্মানী, অষ্ট্ৰেলিয়া আৰু ছুইৎজাৰলেণ্ডৰ পৰা ৫০ কোটি টকাৰে এক মেছিন ক্ৰয় কৰা হৈছে৷ ফলত স্বয়ংক্ৰিয় পদ্ধতিৰেই তৈয়াৰ হয় দৈনিক তিনিৰ পৰা পাঁচ লাখ লাড্ডু৷ এই লাড্ডু তৈয়াৰ কৰে ৬০০ কৰ্মীয়ে৷ যিসকলৰ মাজৰে বহুসংখ্যক কৰ্মচাৰী ঠিকাভিত্তিক আৰু কিছুসংখ্যক কৰ্মচাৰী স্থায়ী কৰ্মচাৰী৷
এই লাড্ডু সম্পূৰ্ণ গোলাকাৰ নহয়৷ বহুপৰিমানে ডিম্বাকাৰ৷ ১৭১৫ চনৰ পৰা এই লাড্ডু তৈয়াৰ প্ৰক্ৰিয়াৰ মাত্ৰ ৬বাৰহে সালসলনি হৈছে৷ বৰ্তমান লাড্ডু তৈয়াৰত ব্যৱহাৰ কৰা হয় বেচন, চেনী, কাজুবাদাম, ইলাচি, ঘীঁ, মিছৰি আৰু কিছমিছ৷ প্ৰতিদিনে ১০টন বেচন, ১০টন চেনী, ৭০০ কিঃগ্ৰাঃ কাজুবাদাম, ১৫০ কিঃগ্ৰাঃ ইলাচি, ৩০০ৰ পৰা ৪০০ লিটাৰ ঘিঁ, ৫০০ কিঃগ্ৰাঃ মিচৰি, ৫৪০ কিঃগ্ৰাঃ কিছমিছ ব্যৱহাৰ কৰা হয়৷
কিমান ধৰণৰ লাড্ডু তৈয়াৰ হয় এই মন্দিৰত?
তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড্ডু সাধাৰণতে তিনি ধৰণৰ৷ তালিকাত আছে ৬০ৰ পৰা ৭০ কিঃগ্ৰাঃ ওজনৰ লাড্ডুৰ প্ৰকথাম, ৭৫০ গ্ৰাম ওজনৰ আস্থানাম লাড্ডু আৰু কল্যণোৎসব লাড্ডু৷ এই লাড্ডুসমূহৰ দাম চলিত বছৰত কমাই ২৫টকা কৰা হৈছে৷ যি পূৰ্বে আছিল ৫০টকা প্ৰতি লাডডু৷ তিৰুপতি দৰ্শনৰ বাবে ভক্তসকলে দিব লাগে ২০০ টকা৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰকাশিত ৰিপৰ্ট অনুসৰি এই প্ৰসাদী লাড্ডুক তিৰুপতি মন্দিৰৰ তৃতীয় বৃহত্তম উৎস হিচাপে বিবেচনা কৰা হয়৷ যি প্ৰায় ৫০০ৰ পৰা ৬০০ কোটি টকা৷ অনলাইনতো বিক্ৰি কৰা হয় এই প্ৰসাদী লাড্ডু৷
লাড্ডুক লৈ কি বিতৰ্ক?
লেবৰটৰিৰ ৰিপৰ্টে কৈছে যে তিৰুপতিৰ লাড্ডুত ব্যৱহাৰ কৰা ঘীঁত মাছৰ তেল, গৰু আৰু গাহৰিৰ চৰ্বি মিহলি হৈ আছে৷ গৰুৰ শৰীৰৰ পৰা চৰ্বিযুক্ত টিছু অপসাৰণ কৰাৰ পাছত সেয়া পৰিষ্কাৰ কৰি সিজাই তাৰ পৰা মূলত তেল বাহিৰ কৰা হয়৷ গু়জৰাটৰ চেণ্টাৰ ফল আনলিছিচ এণ্ড লাৰ্ণিং ইন লাইভষ্টক এণ্ড ফুড লেব৷
এই বিশেষ প্ৰসাদ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈকো পঠিওৱা হৈছিল৷ প্ৰায় ১লাখ লাড্ডু পঠিওৱা হৈছিল তিৰুপতি মন্দিৰৰ পৰা৷ সেই লাড্ডু ৰামভক্তসকলৰ মাজত বিতৰণো কৰা হৈছিল৷ ব্যৱহৃত হৈছিল ২হাজাৰ কিঃগ্ৰাঃ ঘীঁ৷ এই প্ৰসাদত গৰু গাহৰিৰ তেল থকাৰ কথা প্ৰকাশ পোৱাৰ পাছতেই ক্ষুণ্ণ হৈ পৰিছে ৰামমন্দিৰৰ পুৰোহিতো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ