আজি অন্তিমবাৰৰ বাবে আকাশত দেখা যাব ভিষ্টাৰাৰ বিমান, কাইলৈৰ পৰা হৈ পৰিব…
আজি ভিষ্টাৰা বিমানৰ অন্তিম দিন। আজিৰে পৰা আৰু কোনোদিনে দেখা পোৱা নাযাব ভিষ্টাৰাৰ বিমান। আকাশত উৰা দেখা নাপাব ভিষ্টাৰা এয়াৰ লাইনৰ বিমান। কাইলৈৰ পৰা সলনি হৈ পৰিব ভিষ্টাৰাৰ নাম। কালিৰে পৰা এয়াৰ ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ পৰিব ভিষ্টাৰা।
১১ নৱেম্বৰৰ ভিষ্টাৰাৰ বাবে অন্তিম দিন। ভিষ্টাৰা হিচাপে ১১ নৱেম্বৰ সোমবাৰে শেষবাৰৰ বাবে আকাশত উৰিব। কাইলৈ ১২ নৱেম্বৰৰ পৰা ভিষ্টাৰা হৈ পৰিব এয়াৰ ইণ্ডিয়া। মঙলবাৰৰ পৰা এয়াৰ ইণ্ডিয়া গ্ৰুপত যোগদান কৰিব বিমান সংস্থাটোৱে। এই একত্ৰীকৰণৰ লগে লগে ভাৰতীয় বিমান সংস্থাৰ ব্যৱসায়ত সম্পূৰ্ণ সেৱাৰ বিমান সংস্থাৰ সংখ্যা মাত্ৰ এটালৈ হ্ৰাস পাব।
টাটা গ্ৰুপ আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগ হিচাপে ভিষ্টাৰা পৰিচালনা কৰা হৈছিল। এতিয়া এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰীকৰণৰ পিছত ছিংগাপুৰ এয়াৰলাইন্সৰো নতুন সত্তাটোত ২৫.১ শতাংশ অংশীদাৰিত্ব থাকিব।
একত্ৰীকৰণৰ পিছত প্ৰথম এমাহত এয়াৰ ইণ্ডিয়াৰ নামত বিস্তাৰাৰ টিকট থকা ১,১৫,০০০ৰো অধিক যাত্ৰী উৰা মাৰিব। অৱশ্যে ভিষ্টাৰৰ অভিজ্ঞতা সলনি নহ’ব বুলি গ্ৰুপটোৱে আশ্বাস দিছে। এই একত্ৰীকৰণৰ লগে লগে ভিষ্টাৰ এয়াৰলাইন্সৰ বিমান ক’ডত ‘২’ সংযোজন কৰা হ’ব। উদাহৰণস্বৰূপে, ভিষ্টাৰাৰ বৰ্তমানৰ বিমান ক’ড ইউ কে ৯৫৫ এতিয়া এআই ২৯৫৫ হ’ব।
এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে যে ভিষ্টাৰাৰ দৰে একেখিনি সামগ্ৰী আৰু সেৱাৰ অভিজ্ঞতা ৰাইজৰ বাবে উপলব্ধ হৈ থাকিব। এই পৰিৱৰ্তনত সহায়ক হোৱাকৈ বিমানবন্দৰসমূহত হেল্প ডেস্ক স্থাপন কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ