আজি অসমৰ লাখ লাখ মহিলা হিতাধিকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। ৰাজ্য চৰকাৰৰ অন্যতম জনকল্যাণমূলক অৰুণোদয় আঁচনিৰ অধীনত আজি হিতাধিকাৰী মহিলাসকলৰ বেংক একাউণ্টত মাহিলী আৰ্থিক সাহায্য জমা কৰা হ’ব। এইবাৰৰ কিস্তিত বানপীড়িত অঞ্চলসমূহৰ পৰিয়ালক বিশেষ সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিয়েই ৰাজ্যৰ ৪০ লাখ মহিলাৰ একাণ্টত সোমাব চৰকাৰী আঁচনি অৰুণোদয়ৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই ঘোষণা কৰিছিল। আজি দিনৰ ১২ বজাৰ লগে লগে মহিলাসকলৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনসমূহ।
অৱশ্যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শেহতীয়া বানৰ সংহাৰৰ বাবে পূৰ্বতকৈ কিছু কম পৰিমাণে এইবাৰ ৰাজ্যৰ মহিলা হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয়ৰ ধন। অৰুণোদয় আঁচনিৰ পূৰ্বৰ ১২৫০ টকাৰ সলনি এইবাৰ মহিলাসকলক ১১০০ টকাকৈ দিয়া হ’ব। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে সাময়িকভাৱে ১৫০ টকা হ্ৰাস কৰাৰ চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যৰ হিতাধিকাৰী মহিলাসকলে বুজি পাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আনহাতে উজনিৰ বান বিধ্বস্ত ৪ জিলাৰ হিতাধিকাৰীয়ে ১২৫০ টকাৰ পৰিৱৰ্তে ২৫০০টকাকৈ এইবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি সংবাদমেলযোগে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বান বিধ্বস্ত অঞ্চলৰ মহিলাসকলক ন্যূনতম হলেও কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এই পদক্ষেপ হাতত লৈছে বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে।
শেহতীয়া বানপৰিস্থিতিত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু ডিব্ৰুগড় জিলাৰ অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীসকলে এই মাহত ২,৫০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। সাধাৰণ মাহিলী সাহায্যৰ উপৰিও বানৰ ফলত হোৱা ক্ষতিৰ কথা বিবেচনা কৰিয়েই এই বিশেষ অতিৰিক্ত সাহায্য আগবঢ়োৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















