ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰতসকলৰ বাবে এটা ভাল খবৰ। PF অফিচলৈ তাত-বাতি কৰি নিজৰ টকা উলিয়াবলৈ কেইবা সপ্তাহ অপেক্ষা কৰিবলগীয়া হোৱাৰ দিনবোৰ গ’ল৷ কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (EPFO) নিজৰ কৰ্ম পদ্ধতিত অহৰহ পৰিৱৰ্তন সাধন কৰিছে। ফলত মিউচুৱেল ফাণ্ড ৰিডিম কৰাতকৈ PF ফাণ্ড উলিওৱাটো আৰু সহজ হৈ পৰিছে। নতুন ব্যৱস্থাৰ অধীনত আপুনি অনলাইনত Claim কৰিব পাৰিব আৰু এদিন বা দুদিনৰ ভিতৰত সেই ধন আপোনাৰ বেংক একাউণ্টত সোমাই যাব।
EPFOৰ জ্যেষ্ঠ বিষয়া ৰমেশ কৃষ্ণমূৰ্তিয়ে স্পষ্ট কৰি দিয়ে যে বিভাগটোত এতিয়া আৰু পুৰণি কাম বাকী নাই। নতুন ব্যৱস্থাটোৱে ইমানেই দ্ৰুতগতিত কাম কৰি আছে যে প্ৰায় ৯০% PFৰ দাবী স্বয়ংক্ৰিয়ভাৱে নিষ্পত্তি হৈ আছে। ইয়াৰ ফলত সাধাৰণ শ্ৰমিক ৰাইজ উপকৃত হৈছে। যদি কোনো কৰ্মচাৰীক হঠাতে অসুস্থতা, বিবাহ বা ঘৰ নিৰ্মাণৰ বাবে ধনৰ প্ৰয়োজন হয়, তেন্তে সেই কৰ্মচাৰীয়ে আবেদন কৰাৰ দিনাই বা সৰ্বাধিক ৪৮ ঘণ্টাৰ ভিতৰত আপোনাৰ দাবী নিষ্পত্তি হ’ব।
ভৱিষ্যতে এই সুবিধা আৰু অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে। EPFOই অতি সোনকালে BHIM এপৰ জৰিয়তে দাবীৰ ধন প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব। অৰ্থাৎ আপোনাৰ PFৰ ধন পোনপটীয়াকৈ আপোনাৰ UPIৰ সৈতে সংযুক্ত বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব। বিষয়াসকলে আশা কৰিছে যে অহা এমাহৰ ভিতৰত এই নতুন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব। ইয়াৰ ফলত ধনৰ লেনদেন আৰু অধিক ক্ষীপ্ৰ আৰু স্বচ্ছ হ’ব।
PF আৰু সামাজিক সুৰক্ষাৰ সুবিধাসমূহ এতিয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজতে সীমাবদ্ধ নাথাকিব। ই-কমাৰ্চ কোম্পানীত কৰ্মৰত ডেলিভাৰী বয় আৰু অসংগঠিত খণ্ডৰ দৈনিক মজুৰিপ্ৰাপক শ্ৰমিককো সামৰি লোৱাৰ উদ্দেশ্যে চৰকাৰে নতুন আঁচনি প্ৰস্তুত কৰিছে। নতুন বিধেয়কখনত এই শ্ৰমিকসকলৰ বাবে এক বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলেই লাখ লাখ দৈনিক মজুৰি আৰু গিগ কৰ্মীৰ ভৱিষ্যত সুৰক্ষিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















