হেনলি পাছপ’ৰ্ট ইনডেক্স ২০২৬ত আমেৰিকাই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ১০ বছৰৰ ভিতৰত সৰ্বনিম্ন ৰেংকিঙত উপনীত হৈছে আমেৰিকাৰ পাছপ’ৰ্ট। ৩০খনতকৈও অধিক দেশৰ পাছপ’ৰ্টে এতিয়া ইয়াক অতিক্ৰম কৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাৰ পাছপ’ৰ্ট দুৰ্বল হৈ পৰিছে। আচল কাৰণটো হ’ল আন বহু দেশে নিজৰ নাগৰিকসকলৰ বাবে অধিক দেশলৈ ভিছামুক্ত বা ভিছা অন এৰাইভেল যাত্ৰা নিশ্চিত কৰিছে।
হেনলি পাছপ’ৰ্ট সূচকাংক ২০২৬ত ভাৰতৰ স্থান ৮১ নম্বৰ। বিগত বছৰ ভাৰতে ৮৫ নম্বৰ স্থানত আছিল। পাৰ্ছপৰ্ট সূচাংকত ভাৰতে ৪টা স্থান আগুৱালেও ভাৰতীয়সকলৰ বাবে ভিছামুক্ত দেশৰ সংখ্যা ৫৭ৰ পৰা ৫৫লৈ হ্ৰাস পাইছে। সম্প্ৰতি ভাৰতীয় পাছপ’ৰ্টৰ গৰাকীয়ে ভিছা অবিহনে ৫৫খন দেশলৈ যাব পাৰিব। কিছুমান দেশৰ ভিছা নীতি সলনি হোৱাৰ পিছত দুখনকৈ দেশৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ এই সুবিধা কৰ্তন হৈছে।

হেনলি পাছপ’ৰ্ট সূচকাংক বিশ্বৰ অন্যতম জনপ্ৰিয় পাছপ’ৰ্ট ৰেংকিং। ইয়াত ১৯৯খন দেশ আৰু ২২৭খন ভ্ৰমণ গন্তব্যস্থানৰ পাছপ’ৰ্টৰ মূল্যায়ন কৰা হয়। এখন দেশৰ নাগৰিকে পূৰ্বৰ ভিছা অবিহনে বা ভিছা অন এৰাইভেল প্ৰৱেশৰ সুবিধা লৈ কিমানখন দেশ ভ্ৰমণ কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়।

প্রতিবেদন অনুসৰি যোৱা কিছু বছৰত বহু দেশে নতুন চুক্তিত স্বাক্ষৰ কৰি আন দেশৰ সৈতে সম্পর্ক সুদৃঢ় কৰি তুলিছে৷ ইয়াৰ ফলত তেওঁলোকৰ নাগৰিকে ভিছাবিহীনভাৱে অধিক দেশলৈ যাব পাৰিব। ইয়াৰ ফলত কেইবাখনো দেশে আমেৰিকাক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ নাগৰিকসকলে এতিয়া পূৰ্বতকৈ অধিক দেশলৈ যাবলৈ পূৰ্বৰ ভিছা বা ভ্ৰমণ অনুমোদনৰ প্ৰয়োজন। এই ৰেংকিঙে কেৱল ভ্ৰমণৰ স্বাধীনতাহে প্ৰতিফলিত কৰে, এয়া কোনো দেশৰ অৰ্থনৈতিক শক্তি বা ৰাজনৈতিক প্ৰভাৱ নহয়।
এই সূচাংকৰ তালিকাত ছিংগাপুৰে পূৰ্বৰ দৰে শীৰ্ষস্থানত আছে। জাপান, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ছুইডেনে তৃতীয় স্থান লাভ কৰিছে। বেলজিয়াম, ডেনমাৰ্ক, ফিনলেণ্ড, জাৰ্মানী, আয়াৰলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, নৰৱে, স্পেইন আদিয়েও শক্তিশালী পাছপ’ৰ্ট থকা দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। নিউজিলেণ্ড, কানাডা, ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া আৰু গ্ৰীচেও শীৰ্ষ দহটা স্থানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















