• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

1 month ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

3 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

4 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

5 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

7 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

7 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

8 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

9 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

9 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

হুছেইন মনছুৰীৰ জীৱন কাহিনী

editor by editor
August 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?
0
SHARES
565
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই প্ৰতিবেদনটো লিখাৰ পৰলৈ তেওঁৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে প্ৰায় ২ কোটি ১৭ লাখ। ইনষ্টাগ্ৰামত তেওঁ কিন্তু কোনো নৃত্য প্ৰদৰ্শন নকৰে। নকৰে কোনো কৌতুক বা বিলাসী জীৱনৰ ভিডিঅ’। তেওঁ ক্ৰিকেটাৰ বা অভিনেতাও নহয়, কিন্তু তেওঁৰ কৰ্মই তেওঁক মানুহৰ মাজলৈ টানি নিয়ে, মানুহে আকৰ্ষিত হয়। তেওঁ দুৰ্গতসকলৰ ওচৰত সাহস হৈ থিয় দিয়ে। তেওঁৰ এই কৰ্মৰ কিছু অংশ কেমেৰাত বন্দী কৰি বিশ্ববাসীৰ আগত তুলি ধৰে। তেওঁৰ নাম হুছেইন মনছুৰী। সম্প্ৰতি তেওঁক সকলোৱে মানৱতাৰ দূত বুলি অভিহিত কৰিছে।

অসমৰ শেহতীয়া বান পৰিস্থিতিৰ পিছত উদ্ভৱ হোৱা দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত থিয় দিও অসমবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিল হুছেইন মনছুৰী। বৰ্তমানৰ ছ’চিয়েল মিডিয়াৰ যুগত অধিকাংশ কণ্টেণ্ট ক্ৰিয়েটৰে মনোৰঞ্জনমূলক বা বিলাসী জীৱনৰ ছবি-ভিডিঅ’ শ্বেয়াৰ কৰে। কিন্তু এই ভিৰৰ মাজতো সম্পূৰ্ণ ব্যতিক্ৰমী এজন ব্যক্তি হৈছে হুছেইন মনছুৰী। ভোকাতুৰক আহাৰ দিয়া, দুৰাৰোগ্য ৰোগীৰ কাষত থিয় দিয়া, বৃদ্ধ আৰু গৃহহীন লোকক সহায় কৰা, অসহায় শিশুৰ শিক্ষাৰ বাবে আগবাঢ়ি অহা আদি কামৰ বাবেই তেওঁ লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে।

মুম্বাইৰ মাহিমত জন্মগ্ৰহণ কৰা হুছেইন মনছুৰীৰ শৈশৱ সহজ নাছিল। আৰ্থিক সংকটৰ মাজতে তেওঁ ডাঙৰ-দীঘল হোৱা মনছুৰী সৰুৰে পৰা পৰিয়ালক সহায় কৰিবলৈ বিভিন্ন কাম কৰিবলগীয়া হৈছিল। কাৰ্ডিনেল গ্ৰেচিয়াছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ ৰিজভি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ জেট এয়াৰৱেজ আৰু আতিথ্য উদ্যোগত চাকৰি কৰিছিল। এই অভিজ্ঞতাই সমাজৰ দুখ-কষ্ট আৰু দৰিদ্ৰ মানুহৰ জীৱন ওচৰৰ পৰা চাবলৈ তেওঁক সুযোগ দিয়ে।

ফটোগ্ৰাফী আৰু Story teller প্ৰতি থকা আগ্ৰহৰ ফলতেই তেওঁ ছ’চিয়েল মিডিয়াত যাত্ৰা আৰম্ভ কৰে। কিন্তু তেওঁ কেতিয়াও অভিনয় বা কৃত্ৰিমতা দেখুওৱাৰ চেষ্টা কৰা নাই। বাস্তৱ জীৱনৰ ঘটনা, মানুহৰ কষ্ট আৰু সহায়ৰ মুহূৰ্তবোৰেই তেওঁৰ কণ্টেণ্টৰ মূল বিষয়। সেই প্ৰামাণিকতাই তেওঁক লাখ লাখ অনুগামীৰ মাজত বিশেষ স্থান দিছে।

হুছেইন মনছুৰীয়ে টাটা মেম’ৰিয়েল হাস্পতালৰ কৰ্কট ৰোগী, গৃহহীন, বৃদ্ধ আৰু দৰিদ্ৰ শিশুসকলক নিয়মীয়াকৈ সহায় কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়তো তেওঁ খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি বহু লোকৰ কাষত থিয় দিছিল। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মানুহক সমান দৃষ্টিৰে চোৱাৰ বাবে তেওঁ বিশেষভাৱে প্ৰশংসিত। হিন্দু দেৱ-দেৱীৰ পেলনীয়া ছবি সন্মানেৰে সংৰক্ষণ কৰা তেওঁৰ এটা ভিডিঅ’ই সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক শক্তিশালী বাৰ্তা দিছিল।

হুছেইন মনছুৰীৰ জীৱনে এটা ডাঙৰ শিক্ষা দিয়ে—মানুহক সহায় কৰিবলৈ প্ৰচুৰ ধন-সম্পদ থকাৰ প্ৰয়োজন নাই। প্ৰয়োজন কেৱল ইচ্ছা শক্তি বা আগ্ৰহ। সৎ ইচ্ছা, সহানুভূতি আৰু মানৱতাৰ প্ৰতি দায়বদ্ধতাই এজন সাধাৰণ মানুহকো অসাধাৰণ কৰি তুলিব পাৰে। সেইবাবেই আজি হুছেইন মনছুৰীক বহুতে “মানৱতাৰ দূত” বুলি অভিহিত কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hussain mansuriinstagram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Next Post
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.