অসম লাইভ ২৪ঃ অলিম্পিকৰ দ্বিতীয় দিনাই ভাৰতৰ বাবে এক আশাৰ খবৰ। জয়েৰে অভিযান আৰম্ভ ভাৰতীয় পুৰুষ হকী দলৰ। প্ৰথম ৰাউণ্ডত নিউজিলেণ্ডক ৩-২ গ’লত পৰাস্ত কৰে ভাৰতে। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় মেচত অৱতীৰ্ণ হ’ব ভাৰত। ভাৰত আৰু নিউজিলেণ্ডৰ দুয়োটা দলেই আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হয় প্ৰথম ৰাউণ্ডত। নিউজিলেণ্ডৰ হৈ কেন ৰাছেলে ষষ্ঠ মিনিটত পেনাল্টি কৰ্ণাৰেৰে গ’ল কৰে। ১০ মিনিটত পেনাল্টি ষ্ট্ৰ’কৰ দ্বাৰা ভাৰতে ১-১ৰ সমতা ৰক্ষা কৰে। ভাৰতৰ হৈ প্ৰথমটো গ’ল ৰূপিন্দৰ পাল সিঙে দিয়ে। দ্বিতীয় আৰু তৃতীয়টো গ’ল দিয়ে হৰমনপ্ৰীত সিঙে। ভাৰতে দুয়োটা গ’ল পেনাল্টি ক’ৰ্ণাৰেৰে লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ