অসম লাইভ ২৪ঃ বিশ্ব ক্ৰীড়াৰ ৰণক্ষেত্ৰত আশা-নিৰাশাৰ মাজেৰে আগবাঢ়িছে ভাৰতীয় দল। বৰ্তমানলৈকে দেশে লাভ কৰিছে মাত্ৰ এটা ৰূপৰ পদক। মনিপুৰৰ মীৰাবাঈ চানুৱে ভাৰোত্তোলনত ৪৯ কেজি শাখাত লাভ কৰে এই পদক। ইয়াৰ লগে লগে অৱনমিত হৈছে টকিঅ’ অলিম্পিকৰ পদক তালিকাত ভাৰতৰ স্থান। পূৰ্বৰ ২৫ সংখ্যক স্থানৰ পৰিৱৰ্তে বৰ্তমান ভাৰতৰ স্থান ৩৩ নম্বৰলৈ অৱনমিত হৈছে। উল্লেখ্য, ৰূপৰ পৰা সোণলৈ উন্নীত হ’ব পাৰে মীৰাবাঈ চানুৰ পদক। ড’প টেষ্টে সৌভাগ্য মাতিব পাৰে মীৰাবাঈলৈ। পুনৰ ড’প টেষ্টত অৱতীৰ্ণ হ’ব লাগিব চীনৰ ঝিহুই হ’। ড’প টেষ্টত ঝিহুই হ’ বিফল হ’লে ভাৰোত্তোলনত সোণৰ পদক লাভ কৰিব ভাৰতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ