অসম লাইভ ২৪: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত কৰিলে এক ডাঙৰ ঘোষণা। এবছৰৰ পাছত উঠি যাব ৰাষ্ট্ৰীয় ঘাইপথত থকা সকলো টোলগেট। এবছৰৰ পাছৰে পৰা টোলগেটৰ সলনি টেকন’লজিৰ জৰিয়তে তোলা হ’ব কৰ। উল্লেখযোগ্য যে অমৰৌহাৰ বিজেপিৰ সাংসদ কোঁৱৰ ডানিছ আলীয়ে সদনত তুলিছিল টোলগেটৰ প্ৰসংগ। ইয়াৰ উত্তৰ দিওঁতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে এই কথা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ