অসম লাইভ ২৪ঃ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিলে ঠায়ে ঠায়ে স্থাপন কৰা টল প্লাজাসমূহত মাচুল দিহে আপুনি পাৰ হ’বলগীয়া হয়। ফাষ্টেগ থকাৰ পিছতো এই মাচুল দিবৰ বাবে আপুনি কেতিয়াবা দীঘল শাৰীত ঘণ্টা সময় ধৰি অপেক্ষা কৰিবলগীয়াও হয়। জনসাধাৰণৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে, য’ত আপুনি মাচুল নিদিয়াকৈ ট’ল প্লাজা পাৰ হ’ব পাৰিব। নতুন নিৰ্দেশনামতে ট’ল প্লাজাসমূহত দীঘলীয়া শাৰী থাকিলে অৰ্থাৎ এশ মিটাৰতকৈ বেছি দীঘল গাড়ীৰ শাৰী থাকিলে এশ মিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ গাড়ীসমূহে মাচুল নিদিয়াকৈ পাৰ হ’ব পাৰিব। ইয়াৰ বাবে এশ মিটাৰত এটা হালধীয়া দাগ থাকিব। যাৰ জৰিয়তে আপোনৰ গাড়ীখন এশ মিটাৰৰ ভিতৰত আছেনে, বাহিৰত আছে, সেই কথা জানিব পাৰিব। যদি আপোনাৰ গাড়ীখন হালধীয়া দাগটোৰ ভিতৰত আছে, তেনেহ’লে আপুনি মাচুল দিব লাগিব। আৰু যদি হালধীয়া দাগৰ বাহিৰত আছে, তেনেহ’লে আপুনি মাচুল নিদিয়াকৈ ট’ল প্লাজা পাৰ হ’ব পাৰিব। ট’ল প্লাজাত যান-বাহনৰ গতি স্বাভাৱিক কৰি ৰাখিবলৈ আৰু সময় বচাবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সিদ্ধান্ত লৈছে। ট’ল মাচুল আদায়ৰ বাবে প্ৰতিখন গাড়ীৰ বিপৰীতে ১০ ছেকেণ্ড ধাৰ্য কৰা হৈছে। উল্লেখ্য যে চৰকাৰী সূত্ৰমতে যোৱা ফেব্ৰুৱাৰীত ফাষ্টেগ আৰম্ভ হোৱাৰ পিছত ৯৬-৯৯ শতাংশ মাচুল ফাষ্টেগৰ জৰিয়তে আদায় হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ