৭ জানুৱাৰী ২০২৬ বুধবাৰে চন্দ্ৰই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব আয়ুষ্মান যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব মঘা নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
৭জানুৱাৰী বৃষ ৰাশিফল
কাইলৈ ৭ জানুৱাৰীত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুটাই বাঢ়িব৷ সিদ্ধিদাতাৰ কৃপাত শত্ৰু পৰাজিত হ’ব৷ সামাজিক জনসেৱামূলক কামত যোগ দিব পাৰিব৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে কাইলৈ চাকৰিব পাব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
৭ জানুৱাৰী কৰ্কট ৰাশিফল
কাইলৈ দিনটো সৌভাগ্য যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হৈ উঠিব কৰ্কট ৰাশিৰ জাতক৷ সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ শত্ৰুৱে কামত বাধা সৃষ্টি কৰিলেও কৰ্কটৰ জাতকে বুদ্ধিৰে সেই চেষ্টা ব্যৰ্থ কৰিব৷ কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব৷ আইনী জটিলতাৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিব৷
৭ জানুৱাৰী তুলা ৰাশিফল
কাইলৈ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ অতিৰিক্ত সূত্ৰৰ পৰা হঠাৎ কিছু অৰ্থ লাভ কৰিব পাৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভ হব পাৰে৷ যি বিষয়সমূহে আপোনাৰ কামত বাধা তৈয়াৰ কৰিছিল সেই সকলো বাধা দূৰ হব৷ ছাত্ৰছাত্ৰীসকলে লেখাপঢ়াত সাফল্য পাব৷
৭জানুৱাৰী মকৰ ৰাশিফল
কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত ডাঙৰ কোনো সাফল্যই অপেক্ষা কৰিছে মকৰ ৰাশিৰ জাতকৰ বাবে৷ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদৰ পৰা ৰক্ষা পৰিব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে মকৰ ৰাশিৰ জাতকৰ৷ অতিৰিক্ত অৰ্থ লাভ কৰাৰ যোগ আছে৷ মানসিক চাপ আৰু অৱসাদ দূৰ হৈ মন আনন্দিত হৈ পৰিব৷
৭ জানুৱাৰী কুম্ভ ৰাশিফল
কাইলৈ দিনজুৰি আয়ুষ্মান যোগৰ প্রভাৱত শুভ ফল লাভ কৰিব৷ সমাজত কোনো বিশেষ স্থান অৰ্জন কৰিব পাৰে৷ কাইলৈ কুম্ভ ৰাশিৰ জাতকে সকলো বিষয়ত নিজৰ পৰিয়ালক কাষত পাব৷ যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ বিনিয়োগ কৰিলে আপুনি লাভ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















