সাৱধানে থাকক গুৱাহাটীবাসী, ১৫ টা স্পৰ্শকাতৰ এলেকা ঘোষণা প্ৰশাসনৰ
মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ অঞ্চলৰ বাসিন্দালৈ নিৰ্দেশনা। গুৱাহাটীৰ ১৫টা স্থান স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত। কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।
নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে কম-বেছি পৰিমানে কিছু কিছু অঞ্চলত ভূমিস্খলন হবলৈ ধৰিছে। সেয়ে পৰিস্থিতি যাতে অধিক ভয়ংকৰ হৈ নপৰে, তাৰ বাবে আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।
ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা অনুসৰি গুৱাহাটী মহানগৰীৰ ১৫ টা পাহাৰীয়া স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে।
এই তালিকাত আছে খাৰঘূলী, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা, কালাপাহাৰ ইত্যাদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ