ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে আঁজুৰি আনিলে টি-২০ বিশ্বকাপ৷ ২০১১ চনৰ বিশ্বকাপ ভাৰতৰ হাতলৈ অহাৰ পাছত এইবাৰ টি-২০ বিশ্বকাপ আহিছে দেশলৈ৷ চেলিব্ৰেছন মুডত সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমী৷ এই ইতিহাস তৈয়াৰ কৰাৰ বাবে বিশ্বকাপৰ প্লেয়াৰ আৰু চাপৰ্ট ষ্টাফসকলক শ কোটিতকৈয়ো অধিক পুৰষ্কাৰ মূল্য ঘোষণা কৰিছে BCCIয়ে৷ ৰোহিত শৰ্মাৰ হাতত BCCIৰ তৰফৰ পৰা তুলি দিয়া হৈছে ১২৫ কোটিৰ চেক৷
১২৫ কোটিয়েই শেষ পুৰস্কাৰ নহয়৷ দেশলৈ অহাৰ পাছতেই বাঢ়িছে পুৰস্কাৰমূল্যৰ পৰিমানো৷ ৱাংখেৰত চেলিব্ৰেছনৰ পাছতেই ভাৰতীয় দলক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে দিছে মোটা অংকৰ পুৰস্কাৰ৷ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ সৈতে বিশেষ বৈঠকত বহিছে ৰোহিত শৰ্মা, শিৱম ডুবে, সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল৷ তেওঁলোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপত মিলিত হৈয়েই দিছে বিশেষ সন্মানো৷ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ক্ৰিকেট দলটোক দিয়া হৈছে ১১ কোটি টকাৰ পুৰস্কাৰ৷
বিশ্বকাপ জয় কৰাৰ পাছতেই ভাৰতীয় দলে ICCৰ পৰা লাভ কৰিছে ২০ কোটি টকা৷ চেম্পিয়ন্স দলৰ বাবে এই পৰিমাণৰ পুৰস্কাৰ মূল্য আগৰে পৰাই দি আহিছে ICCয়ে৷ BCCI, ICC আৰু মহাৰাষ্ট্ৰ চৰকাৰে দিয়া পুৰস্কাৰৰ সৈতে ভাৰতীয় দলে পোৱা মুঠ পুৰস্কাৰ মূল্য হৈছে ১৫৬ কোটি টকা৷ ইয়াৰোপৰি আছে প্ৰতিখন মেচ জিকাৰ বাবদ লাভ কৰা পুৰস্কাৰো৷ নিয়ম অনুসৰি কোনো প্লেয়াৰে মেন অৱ দ্যা মেচ পালে তেওঁ ওপৰঞ্চি কিছু ধন লাভ কৰে৷ টিম ইণ্ডিয়াই সৰ্বাধিক মেচ জিকাৰ বাবে তেওঁলোকৰ পুৰস্কাৰ মূল্যৰ অন্য দলতকৈ বেছি হৈছে৷ পুৰস্কাৰ ঘোষণা চলি থকাৰ মাজতেই টিম ইণ্ডিয়াৰ লক্ষ্য ২০২৫ ত হ’বলগীয়া চেম্পিয়ন ট্ৰফী আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল৷ এই দুটা কাপো ৰোহিতৰ হাতত বিচাৰিছে বৰ্ডে৷ জয় শ্বাহো আশাবাদী সেই ট্ৰফীও ভাৰতৰ হাতলৈকে আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ