প্ৰেম জীৱনলৈ কেতিয়া কেনেকৈ আহে সেয়া একমাত্ৰ ভগৱানেহে জানে৷ কেতিয়াবা যদি বাল্যকালত প্ৰেম আহে কেতিয়াবা আকৌ ৮০ বছৰতো প্ৰেম আহে৷ প্ৰেমত বয়স থাকক বা নাই ৰোমাণ্টিকতাই প্ৰধান কথা৷ প্ৰেম মানেই মনৰ বসন্ত৷ অৰ্থাৎ চৌদিশে প্ৰেম প্ৰেম ভাৱ৷ যদি কম বয়সীয়া মহিলাৰ সৈতে বয়সীয়াল পুৰুষৰ সম্পৰ্ক বা বয়সীয়াল মহিলাৰ সৈতে কমবয়সীয়া পুৰুষৰ সম্পৰ্ক হয় তেতিয়া কেনেকৈ সম্পৰ্কটোক অধিক ৰোমাণ্টিক কৰি তুলিব?
১. প্ৰথমেই দুজনে দুজনক সময় দিয়ক৷ প্ৰেমত হাবুডুবু খোৱাৰ পূৰ্বে নিজকে বুজক, নিজকে জানক৷ প্ৰয়োজনত কথাবোৰ এজনে আনজনৰ সৈতে শ্বেয়াৰ কৰত৷
২. বয়সীয়াল লোকৰ সৈতে প্ৰেম হ’লে চেঙেলীয়া প্ৰেমৰ সেই পাগলামীও নাথাকে৷ গতিকে নিজকে আপুনি পৰিপক্ক এজন ব্যক্তি হিচাপে আগুৱাই নিয়ক৷ দীৰ্ঘস্থায়ী সম্পৰ্ক বিচাৰিলে দুয়োজনে পৰিপক্কভাৱে চিন্তা কৰি আগবাঢ়ক৷
৩. যদি আলাপ কৰি সময় কটাবলৈ পছন্দ নকৰে তেন্তে একেবাৰেই ইমোছোনেল সম্পৰ্কত সোমাই নপৰিব৷ কাৰণ আপুনি আৱেগিক সম্পৰ্কৰ গঢ়ি তুলিলে সেই সম্পৰ্কৰ পৰা ওলাই অহা খুবেই কঠিন৷
৪. নিজৰ পছন্দ আৰু অপছন্দৰ কথাবোৰ স্পষ্ট কৰি দিয়ক৷ তেতিয়া সম্পৰ্কক আগুৱাই নিয়াত সহজ হ’ব৷
৫. অন্যক ভালপোৱাৰ আগতে নিজক ভালপাওক৷ নিজৰ চেহাৰা আৰু মেণ্টেল হেলথক গুৰুত্ব দিয়ক৷ তেতিয়া দেখিব সুস্থ এক সম্পৰ্ক আগুৱাই নিব পাৰিব৷
৬. বিবাহৰ প্লেন ঘপককৈ নল’ব৷ সংগীক জনাওক আপোনাৰ ভৱিষ্যৎ প্লেন কি? সংগীৰ সৈতে আলোচনা কৰি সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক৷ দেখিব সকলোবোৰ সম্পৰ্কই সুমধুৰ সম্পৰ্ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















