অসম লাইভ২৪ঃ সনাতন ধৰ্ম অনুসৰি ঘৰত তুলসী গছ ৰখাটো অত্যন্ত শুভ। পূজাৰ কামতো তুলসী পাতৰ ব্যৱহাৰ হয়। বিশেষকৈ নাৰায়ণৰ পূজা তুলসী পাত অবিহনে অসম্পূৰ্ণ। ধৰ্মীয় কামৰ ওপৰিও আয়ুৰ্বেদ শাস্ত্ৰতো তুলসীৰ মাহাত্ম্য আছে। ঘৰত তুলসী গছ ৰখা শুভ যদিও কেইটামান নিয়ম মানি চলাটো খুবেই জৰুৰী। ঘৰৰ বাৰাণ্ডাৰ কাষত টাবত প্ৰায় সংখ্যকেই তুলসী গছ ৰোৱে। ইয়াৰোপৰি বহুতে ৰান্ধনীশালতো তুলসী গছ ৰোৱে। ৰান্ধনীশালত তুলসী গছ ৰাখিলে কি কি নিয়ম মানি চলিব লাগে সেই বিষয়ে বাস্তু বিশেষজ্ঞই দিছে বিশেষ টিপছ।
ৰান্ধনীশালত তুলসী গছ
হিন্দুধৰ্ম অনুসৰি ৰান্ধনীশাল মা অন্নপূৰ্ণাৰ বাস। মা অন্নপূৰ্ণা দেৱী পাৰ্বতীৰ অন্য ৰূপ। বহুসংখ্যকৰ মতে মা লক্ষ্মীৰেই আন এক ৰূপ হৈছে অন্নপূৰ্ণা। সেয়ে ৰান্ধনীশালত তুলসী গছ ৰখাটো অত্যন্ত শুভ বুলি দাবী কৰে বাস্তু বিশেষজ্ঞই। তুলসী গছে ৰান্ধনীশালত পজিটিভ এনাৰ্জি বৰ্তাই ৰখাত সহায় কৰে। আমাৰ প্ৰত্যেকৰে ঘৰৰ ৰান্ধনীশাল হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ। কাৰণ ৰান্ধনীঘৰত তৈয়াৰ হোৱা খাদ্যই আমাক সুস্থভাৱে জীয়াই থকাত সহায় কৰে। সেয়ে ৰান্ধনীঘৰত পজিটিভ এনাৰ্জী থাকিলে ঘৰতো শুভ শক্তিৰ সঞ্চাৰ হৈ থাকে।
ৰান্ধনীশালত তুলসী গছ ৰখাৰ নিয়ম
ৰান্ধনীশালত তুলসী গছ ৰখাৰ কেইবাটাও নিয়ম আছে। এই নিয়মসমূহ মানি চলিহে তুলসী গছ ৰুব লাগে।
ৰান্ধনীশালত তুলসী গছ ৰুই থলে এটা বিষয় মনত ৰাখিব লাগে যে, এই গছৰ আশেপাশে কোনো যাতে তেল বা ময়লা নাথাকে।
ৰান্ধনীশালত থকা তুলসী গছৰ আশেপাশে কোনোধৰণৰ খালী বাচন-বৰ্তন ৰাখিব নালাগে। তুলসীৰ আশে-পাশে খালী বাচন থাকিলে বাস্তু দোষ তৈয়াৰ হয়।
তুুলসী ৰুলে প্ৰতিদিনে পূজা কৰিবলৈ নাপাহৰিব। প্ৰতিদিনে তুলসী গছজোপাত পূজা কৰাৰ ওপৰিও সন্ধিয়া তুলসী গছৰ গুৰিত এগছ চাকি জ্বলাবলৈ নাপাহৰিব।
প্ৰতিদিনে তুলসী গছৰ পূজা কৰিলেও দেওবাৰে কিন্তু তুলসী গছৰ গুৰিত পানী নিদিব। মনত ৰাখিব তুলসী গছত দেওবাৰে কাহানিও পূজা নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















