অসম লাইভ২৪ঃ ভয়াৱহ ভূমিকম্পই তছনছ কৰিছে তুৰস্ক আৰু ছিৰিয়া। হাজাৰ হাজাৰ মানুহৰ মৃত্যু হোৱাৰ বিপৰীতে গৃহহীন হৈছে লক্ষাধিক লোক। বিশ্বৰ বিভিন্ন দেশৰ পৰা উদ্ধাৰকাৰী দল তুৰস্কৰ কাষত থিয় দিছে। ধ্বংসস্তুপৰ মাজৰ এটা এটাকৈ কেইবাহাজাৰো মৃতদেহ উদ্ধাৰ হৈছে। ভূমিকম্পত মৃতদেহৰ সংখ্যা ৪৬ হাজাৰলৈ বৃদ্ধি হৈছে। মৃতদেহৰ সংখ্যাক লৈ বিপাঙত পৰিছে তুৰস্কৰ চৰকাৰো। মৃতদেহ সৎকাৰৰ বাবে ঠাইৰ অভাৱ হৈছে তুৰস্কত। কবৰ বিচাৰিয়েই হাহাকাৰ কৰিছে বহুজনে।
মৃতদেহসমূহ সৎকাৰ কৰিবলৈ কবৰস্থানসমূহত ঠাইৰ অভাৱে দেখা দিছে। তুৰস্কৰ দক্ষিণাংশ প্ৰায় মৃত উপত্যকাত পৰিণত হৈছে। তুৰস্কৰ বাসিন্দাসকল অধিকাংশই ইছলামধৰ্মী মানুহ। সেয়ে মৃতদেহ কবৰ দিয়াটো তেওঁলোকৰ এটা বিশেষ পৰম্পৰাও। মৃতকৰ সংখ্যা বৃদ্ধিয়ে এতিয়া পৰম্পৰাতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ