অতিকে কৰুণ, টুকুৰা টুকুৰ হৈ দুজন নিহত, ৬ জনৰ অৱস্থা সংকটজনক
পাটনা মেট্ৰ’ৰ নিৰ্মাণ স্থানত সোমবাৰে নিশা মেচিনৰ ব্ৰেক বিজুতি ঘটাত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ছয়জন শ্ৰমিক আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
পাটনাৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ টাৰ্ণৰ সমীপত এটা লোকো মেচিনে সুৰংগটোৰ ভিতৰত সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। পাটনা মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা আহতসকলৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰংগটোৰ ভিতৰতে কেইবাজনো শ্ৰমিকে কাম কৰি আছিল। নিহতসকলৰ ভিতৰত আছে লোকো মেচিন অপাৰেটৰ আৰু এজন হেল্পাৰ।
সোমবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এই ঘটনা। লোকো মেচিনটোৰ বিজুতিৰ বাবে ইয়াৰ ব্ৰেক বিকল হোৱাৰ লগতে দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কিছুমানে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা বুলি।
ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী নীতিন নবীয়ে কয় যে এই ঘটনাৰ তদন্ত চলি আছে আৰু দোষীক ৰেহাই দিয়া নহ’ব।
ইফালে এই দুৰ্ঘটনাটোৱে মেট্ৰ’ নিৰ্মাণ স্থানত শ্ৰমিকৰ সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। অভিযোগ উত্থাপন হৈছে যে স্থানত সুৰক্ষা ব্যৱস্থাৰ অভাৱ আৰু সাধাৰণতে নৈশ শ্বিফটৰ সময়ত জ্যেষ্ঠ বিষয়া অনুপস্থিত থাকে।
যোৱা নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কোনো অভিযন্তা সেই স্থানত উপস্থিত নাছিল বুলি তত্বাৱধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ নৈশ শ্বিফটত কাম কৰাৰ সময়ত কোনো জ্যেষ্ঠ বিষয়া উপস্থিত নাথাকে বুলি অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ