অসম লাইভ২৪ঃ মধ্যপ্ৰদেশৰ মেৰেনাত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় বায়ুসেনাৰ দুখনকৈ বিমান৷ শনিবাৰে পুৱাই অনুশীলনৰ সময়তে ভাঙি পৰে Sukhoi-30 আৰু Mirage 2000 যুদ্ধবিমান৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাঙি ধৰা প্ৰতিবেদন মতে দুখন ফাইটাৰ জেটেই বায়ুসেনাৰ গোৱালিয়াৰ ঘাটিৰ পৰা উৰণৰ সময়তে এই দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত Sukhoi-30 জেটত আছিল দুজনকৈ পাইলট৷ আনহাতে Mirage 2000 ত আছিল এজন পাইলট৷ দুৰ্ঘটনাৰ পাছতেই দুয়োজন পাইলটকেই উদ্ধাৰ কৰা হৈছে৷ ঘটনাৰ সময়ত দুয়োজন পাইলটেই ফাইটাৰ জেটৰ পৰা বাহিৰলৈ ওলাই আহিছিল৷ ঘটনাস্থলীলৈ লগে লগেই পঠোৱা হৈছে বায়ুসেনাৰ হেলিকপ্টাৰ৷
মাজ আকাশতেই কেনেকৈ হৈছিল সংঘৰ্ষ?
মাজ আকাশতেই হোৱা সংঘৰ্ষৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই৷ এই ঘটনাৰ তদন্তৰ নিৰ্দেশ ইতিমধ্যেই দিছে বায়ুসেনাই৷ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি দুয়োখন যুদ্ধবিমানেই দুৰ্ঘটনাৰ অন্তত জ্বলি উঠে৷ উদ্ধাৰ হোৱা দুয়োজনৰ পাইলটে সামান্য আঘাত পাইছে৷ দুয়োজনকেই উদ্ধাৰৰ পাছত লগে লগে স্থানীয় লোকে তেওঁলোকক হাস্পতাললৈ লৈ যায়৷ দুৰ্ঘটনাৰ খবৰ ইতিমধ্যে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙক জনাইছে বায়ুসেনাপ্ৰধান (Air Chief Marshal) Vivek Ram Chaudhari-য়ে৷
উল্লেখ্য যে ৰাছিয়াত তৈয়াৰ কৰা Sukhoi-30 ভাৰতীয় বায়ুসেনাৰ অন্য প্ৰধান অস্ত্ৰ৷ আনহাতে ফ্ৰান্সত নিৰ্মিত Mirage 2000 য়ো ভাৰতীয় বায়ুসেনাই বহুদিনৰে পৰাই ব্যৱহাৰ কৰি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ