‘স্বামীৰ সৈতে থাকিব বিচাৰো’, ন্যায় বিচাৰি পাৰিবাৰিক আদালতৰ কাষ চাপিল উদিত নাৰায়নৰ প্ৰথমা পত্নী
আজি ২১ ফেব্ৰুৱাৰী শুকুৰবাৰে সুপৌল পাৰিবাৰিক আদালতত হাজিৰ হয় বলীউডৰ বিখ্যাত গায়ক উদত নাৰায়ণ ঝা। ২০২২ চনত তেওঁৰ প্ৰথম পত্নী ৰঞ্জনা নাৰায়ণ ঝাই বৈবাহিক জীৱন পুনৰুদ্ধাৰৰ বাবে গোচৰ ৰুজু কৰিছিল।
গোচৰত ৰঞ্জনা নাৰায়ণ ঝাই কয় যে তেওঁ স্বামীৰ সৈতে থাকিব বিচাৰে আৰু বয়স আৰু স্বাস্থ্যৰ কথা মনত ৰাখি এতিয়া স্বামীৰ সৈতে জীৱনটো কটাব বিচাৰিছে।
লগতে অভিযোগ কৰে যে যেতিয়াই মুম্বাইত উদিত নাৰায়ণক লগ কৰিবলৈ যায় তেতিয়াই তেওঁৰ পিছত গুণ্ডা পঠিওৱা হয়। আদালতত হাজিৰ হোৱাৰ পাছত ৰঞ্জনাই কয় যে আজি আদালতত উদিত নাৰায়ণে এই সম্পৰ্ক সম্বন্ধ সম্পৰ্কে আপোচ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু উদিত নাৰায়নে এই গোচৰৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
ৰঞ্জনাই দাবী কৰে যে বিয়াৰ পিছতো তেওঁক পত্নীৰ মৰ্যাদা দিয়া হোৱা নাছিল আৰু তেওঁৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছিল সেয়ে আদালতৰ পৰা ন্যায়ৰ আশা প্ৰকাশ কৰিছে।
ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বলীউডৰ তাৰকাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পুনৰ উজ্জ্বল কৰি তুলিছে এই গোচৰটোৱে। এতিয়ালৈকে এই বিষয়ত উদিত নাৰায়ণে নিজৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















