বিশ্ববিদ্যালয় আনুদান আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢি়ছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিবলগীয়া শিক্ষাৰ্থীয়ে নামভৰ্তিৰ বাবে এক উমৈহতীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ নেশ্যনেল টেষ্টিং এজেঞ্চি(NTA)এ এই পৰীক্ষা পৰিচালনা কৰিব৷
দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষাৰ্থীয়ে কমন ইউনিভাৰ্ছিটি এণ্ট্ৰেন্স টেষ্ট (Common University Entrance Test, CUET)ত অৱতীৰ্ণ হ’ব লাগিব৷ এই উমৈহতীয়া পৰীক্ষাত উত্তীৰ্ণ হৈ লাভ কৰা নম্বৰৰ ভিত্তিতহে শিক্ষাৰ্থীয়েহে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰম অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰিব৷
মংগলবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ এই কথা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এম জগদেশ কুমাৰে৷
লগতে পঢ়ক নিৱনুৱাৰ বাবে সুখবৰ; ভাৰতীয় সেনাৰ বিভিন্ন পদত কৰা হ’ব নিযুক্তি
বিশ্ববিদ্যালয় আনুদান আয়োগে এই ব্যৱস্থাটো ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট পাঠ্যক্ৰমৰ বাবে প্ৰযোজ্য কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ অহা ২৫ মাৰ্চত এই প্ৰস্তাৱটোত অনুমোদন কৰিব বুলি প্ৰকাশ পাইছে৷
লয় অনুদান আয়োগে নতুন শিক্ষা নীতিৰ আধাৰত বিগত দিনতে দেশৰ ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কমন এণ্ট্ৰেন্স টেষ্ট প্ৰচলন কৰিবলৈ পৰিকল্পনা কৰিছিল সেয়া কাৰ্যকৰী কৰা হোৱা নাছিল৷
ইফালে এই নতুন ব্যৱস্থা ২০২২-২৩ বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব৷ আৰু ইয়াত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়েহে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰিব পাৰিব৷
লগতে পঢ়ক মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ
অহা ১ এপ্ৰিলত এই পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰকাশ হ’ব৷ শিক্ষাৰ্থীসকলে এই প্ৰৱেশ পৰীক্ষা ১৩টা ভাষাত দিব পাৰিব৷ হিন্দী, মাৰঠী, গুজৰাটী, তামিল, তেলেগু, কানাৰা, মালায়ালম, উৰ্দু, অসমীয়া, বঙালী, পঞ্জাৱী, উৰিয়া আৰু ইংৰাজী ভাষাত দিব পাৰিব প্ৰৱেশ পৰীক্ষা৷
এই পৰীক্ষাত বাধ্যতামূলকভাৱে থাকিব ভাষা বিষয়ক প্ৰশ্নকাকত৷ বিদেশী ভাষাতো পৰীক্ষা দিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে৷ ৬টা ভিন্ন বিষয়ত পৰীক্ষা দিব পাৰিব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰম পঢ়িব বিচৰা শিক্ষাৰ্থীয়ে৷ সংৰক্ষণ ব্যৱস্থা বাহাল থাকিব যদিও cuetৰ আধাৰত বাছনিত উঠা প্ৰাৰ্থীয়েহে এই সুবিধা লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ