দেশত হিন্দু মুছলমানৰ মাজত ধৰ্মীয় বিদ্বেষ বৃদ্ধি পোৱা সময়তে এটা মুছলমান পৰিয়ালে দেশত ভাতৃত্ববোধ আৰু সম্প্ৰীতি নজিৰ সৃষ্টি কৰিছে৷
ইতিহাস সৃষ্টি কৰি চৰ্চালৈ অহা এই মুছলমান পৰিয়ালটো হৈছে বিহাৰৰ৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিহাৰৰ পূৱ চাম্পাৰণ জিলাৰ কেইথৱালিয়া এলেকাত এটা মুছলমান পৰিয়ালে হিন্দু মন্দিৰ নিৰ্মাণ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান কৰিছে৷
পাটনাস্থিত মহাবীৰ মন্দিৰ ন্যাসৰ অধ্যক্ষ আচাৰ্য কিশোৰ কুণালে প্ৰকাশ কৰা মতে ইছতিয়াক আহমদ খানৰ পৰিয়ালে এই মূল্যৱান ভূমি দান কৰিছে৷ কুণালে প্ৰকাশ কৰা মতে খান হৈছে গুৱাহাটীস্থিত ইষ্ট চাম্পাৰণ ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকী৷
লগতে পঢ়ক ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ
‘‘ইতিমধ্যে তেওঁৰ পৰিয়ালে কেশৰীয়া ৰাজহ চক্ৰত মন্দিৰ নিৰ্মাণৰ বাবে উক্ত ভূমিখিনি দান কৰাৰ সকলোবোৰ যাৱতীয় কাম সম্পাদন কৰিছে৷’’ কুণালে সংবাদ মাধ্যমৰ আগত কয়৷
আচাৰ্য কুণালৰ মতে খান পৰিয়ালে হিন্দু মন্দিৰ নিৰ্মাণৰ বাবে ভূমি দান কৰি দুয়োটা ধৰ্মৰ লোকৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ দৃষ্টান্তমূলক নজিৰ স্থাপন কৰিছে৷
উল্লেখ্য যে মহাবীৰ মন্দিৰ ট্ৰাষ্টে ১২৫ একৰ ভূমিত বিশ্বৰ সৰ্ববৃহৎ ‘বিৰাট ৰামায়ণ মন্দিৰ’ নিৰ্মাণ কৰিব৷ ট্ৰাষ্টে উক্ত অঞ্চলটোত আৰু ২৫ একৰ ভূমি দান হিচাপে লাভ কৰিব বুলিও প্ৰকাশ কৰিছে৷
লগতে পঢ়ক এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী
১২ শতিকাতে কম্বোদিয়াত নিৰ্মাণ কৰা ২১৫ ফুট উচ্চতাৰ মন্দিৰটোতকৈ ওখকৈ বিৰাট ৰামায়ণ মন্দিৰটো নিৰ্মাণ কৰা হ’ব৷ ইমানেই নহয় পূৱ চাম্পাৰণত ১৮ মন্দিৰৰ এক কমপ্লেক্সো নিৰ্মাণ কৰা হ’ব৷ তাত এটা শিৱ মন্দিৰো থাকিব যিটো মন্দিৰৰ শিৱলিংগটোও বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শিৱলিংগ হ’ব৷
মন্দিৰৰ নিৰ্মাণৰ এই সমগ্ৰ প্ৰকল্পটোত নিৰ্মাণ ব্যয় হ’ব প্ৰায় ৫০০ কোটি টকা৷ ষ্ট্ৰাষ্টে ইতিমধ্যে ৰাজধানী নতুন দিল্লীৰ সংসদ ভৱন নিৰ্মাণকাৰী বিশেষজ্ঞসকলৰ পৰা মন্দিৰ নিৰ্মাণৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ