প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা জনপ্ৰিয় শ্ল’গান আছিল ‘বেটী বচাও, বেটা পঢ়াও’৷ এই শ্ল’গানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মহিলা সৱলীকৰণ আৰু নাৰী সুৰক্ষা প্ৰদানৰ প্ৰতিজ্ঞা কৰিছিল৷
কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিজ্ঞাক ব্যৰ্থ কৰি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত এগৰাকী কিশোৰী দলৱদ্ধ ধৰ্ষণৰ বলি হৈছে৷
গুজৰাটত এগৰাকী ১৭ বছৰীয়া কিশোৰীক চাৰিজন যুৱকে পলপূৰ্বকভাৱে সুৰাপান কৰাই দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷
লগতে পঢ়ক ১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড
যোৱা দেওবাৰে গুজৰাট আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে দেশীয় সুৰা পান কৰোৱাই চাৰি যুৱকে এই দুষ্কাৰ্য সংঘটিত কৰে৷
ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাহুল সাথৱাৰা(১৯), হুছেইন ককাল(৩৫), মহেশ্বৰী(২০) আৰু ভালজী বধিয়াৰা(২৪)ক গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ১৬ মাৰ্চত কিশোৰীগৰাকীৰ এগকাৰী বন্ধুৰ সৈতে এখন ফাৰ্মলৈ গৈছিল আৰু দেশীয় সুৰা পান কৰোৱাই চাৰি যুৱকে দলৱদ্ধভাৱে ধৰ্ষণ কৰে৷
লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?
ইয়াৰ পিছদিনাই সচেতন অৱস্থাত উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত কিশোৰীগৰাকীক স্থানীয় চিকিৎলায়লৈ নিয়া হয়৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ সন্মুখত ধৰ্ষণকাৰী এজন যুৱকৰ কথা ব্যক্ত কৰি পুনৰ মূৰ্ছা যায়।
অৱশ্যে কিশোৰীগৰাকীয়ে আৰোগ্য লাভ কৰাৰ পিছত তেওঁৰ অভিযোগৰ পিছত আৰক্ষীয়ে চাৰিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে।
চাৰি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬, ৩২৮, ৩৭৬ আৰু ১১৪ ধাৰাৰ আৰু লগতে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ