মেঘ– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত সেউজীয়া কাপোৰ পৰিধান কৰিব। চুটি ভ্ৰমণ হ’ব পাৰে। শৰীৰৰ প্ৰতি যত্ন ৰাখিব।
বৃষ– এই ৰাশিৰ জাতক-জাতিকাৰ উন্নতিৰ যোগ আছে। আৰ্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্ৰেমত মধ্যম। শুভ ৰং- নীলা।
মিথুন– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰখাত কৃতকাৰ্য হ’ব৷ ব্যৱসায়ত ভালেই দেখা যায়।
কৰ্কট– স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰ্থিকত ভাল। বিশেষ কোনো কৰ্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বিদ্যাৰ্থীৰ কাৰণে দিনটো শুভ।
সিংহ– এই ৰাশিৰ জাতক-জাতিকাৰ কোনো কৰ্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সৰ্তক থাকক। প্ৰেম-প্ৰীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব।
কন্যা– আৰ্থিক ক্ষেত্ৰত লেনদেন কৰাত সতৰ্ক হ’ব। কোনো মূল্যৱান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিষ আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা- ৩
তুলা– আজিৰ দিনটোৰ আৰম্ভণিতে গা ধুৱাৰ পিছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্ৰীং হ্ৰীং শ্ৰী সূৰ্যায় নমঃ মন্ত্ৰটি ২০ বাৰ জপ কৰিব। প্ৰেমত হতাশা আনিব। দাম্পত্যত সুখ।
বৃশ্চিক– প্ৰেম-প্ৰীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব। যান-বাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব।
ধনু– অবৈধ উপায়েৰে ধন বৃদ্ধি। সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়। ৯ বাৰ দেৱী বগলামুখীৰ নাম জপ কৰিব।
মকৰ– মকৰ ৰাশিৰ জাতক-জাতিকাই হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অৰ্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।
কুম্ভ– ব্যৱসায় মন্থৰ গতিত চলিব। দাম্পত্য আৰু প্ৰেমত শুভ। বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। মাটি-বাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰীয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।
মীন– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ো হ’ব। আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰঙ আকাশী নীলা আৰু শুভ সংখ্যা ৬
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ